PMAY Scam : কাজিৰঙাত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত অনিয়ম। হিতাধিকাৰীৰ একাউণ্টৰ ধন উলিয়াই নিলে মধ্যভোগীয়ে।

News18 Assam | News18-Assam
Updated:July 18, 2021, 11:49 AM IST
PMAY Scam : কাজিৰঙাত প্ৰধান মন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত অনিয়ম। হিতাধিকাৰীৰ একাউণ্টৰ ধন উলিয়াই নিলে মধ্যভোগীয়ে।
২০১৯-২০‌বিত্তীয় বৰ্ষৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা ৰাজেন কৰ্মকাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল।

২০১৯-২০‌বিত্তীয় বৰ্ষৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা ৰাজেন কৰ্মকাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল।

  • Share this:
কাজিৰঙা(Kaziranga)ত প্ৰধান মন্ত্ৰী আৱাস গৃহ (PMAY) নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ। বোকাখাত মহকুমাৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰীত সংঘটিত হৈছে  প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নামত ব্যাপক অনিয়ম ৷ এই অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে৷

অভিযোগ মতে, পঞ্চায়ত কৰ্তৃপক্ষই একাংশ দৰিদ্ৰ লোকৰ নামত আৱণ্টিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ দ্বায়িত্ব দিছিল ৰাজেন কৰ্মকাৰ নামৰ এজন লোকক। পঞ্চায়তটোৰ অধীনস্থ হালধিবাৰী অঞ্চলৰ অমানি তাঁতী আৰু দিলীপ ওৰাং নামৰ হিতাধিকাৰী কেইজনৰ গৃহ কেইটা ৰাজেন কৰ্মকাৰ নামৰ লোকজনক নিৰ্মাণ কৰি দিবলৈ দ্বায়িত্ব দিছিল। ৰাজেন কৰ্মকাৰ নামৰ লোকজনে গৃহ নিৰ্মাণৰ ধন নিজে হিতাধিকাৰীৰ বেংক একাউণ্টৰ পৰা উলিয়াই  গৃহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি গৃহ নিৰ্মাণ নকৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।

উল্লেখ্য যে, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী অঞ্চলত ২০১৯-২০‌বিত্তীয় বৰ্ষৰ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰকেইটা ৰাজেন কৰ্মকাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল। হিতাধিকাৰীৰ কেইগৰাকীৰ অভিযোগ ঘৰ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বেংক একাউণ্টত সোমোৱা সকলো ধন ইতিমধ্যে উলিয়াই নিছে ৰাজেন কৰ্মকাৰে। ঘৰ কেইটা সম্পূৰ্ণ হৈ নুঠাত ভঙা পজাত দিন অতিবাহিত কৰিব লগা হৈছে দৰিদ্ৰ পৰিয়াল কেইটাই।
Published by: Manjumoni Borah
First published: July 18, 2021, 11:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি