MGNREGAৰ কামৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাওঁ জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৰাগুৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধি তথা কৰ্মচাৰীৰ বিৰুদ্ধে। জানিব পৰা মতে, পঞ্চায়তটোৰ অন্তৰ্গত ৭নং ৱাৰ্ডত থকা দুৰ্গা পূজাবাৰী নাট্যমন্দিৰ আৰু MGNREGAৰ অধীনত মাটি পেলোৱাৰ নামত আৱণ্টিত হোৱা কেইবা লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
স্থানীয় একাংশ ৰাইজৰ অভিযোগ অনুসৰি, মাত্র কেইগাড়ীমান মাটি পেলায়েই দায়িত্ব সামৰে তেওঁলোকে। এই অনিময়ত বিশেষকৈ সভানেত্রী অনিমা বিশ্বাস আৰু পঞ্চায়তৰ GRS (গ্ৰাম্য ৰোজগাৰ সেৱক) দিপক কলিতা লগত জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। আনকি এই সন্দৰ্ভত প্ৰশ্ন কৰিলেও বিভিন্ন অজুহাত দেখুৱাই হাত সাৰিব বিচাৰে দুয়োজন।
ৰাইজৰ অভিযোগ মতে, কোনো কথাতেই কেৰেপ নকৰে পঞ্চায়তটোৰ প্ৰতিনিধিৰ লগতে বিষয়া-কৰ্মচাৰীসকলে। ফলত এতিয়া চলি থকা এনে অনিময়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰীক বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে অঞ্চলবাসীয়ে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 16, 2021, 13:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।