মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও জিলা প্ৰশাসনৰ আজৱ কাণ্ড, ৯০০ শতাংশ পৰ্যন্ত অধিক মূল্যত সামগ্ৰী ক্ৰয়ৰে ৰাজকোষৰ ধন লুণ্ঠনৰ চেষ্টা!

নগাঁও জিলা প্ৰশাসনৰ আজৱ কাণ্ড, ৯০০ শতাংশ পৰ্যন্ত অধিক মূল্যত সামগ্ৰী ক্ৰয়ৰে ৰাজকোষৰ ধন লুণ্ঠনৰ চেষ্টা!

জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক নাকী লগাব পাৰিবনে চৰকাৰে?

জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াক নাকী লগাব পাৰিবনে চৰকাৰে?

  • Share this:
নগাঁৱৰ মুষ্টিমেয় ছপাশালৰ নিৰ্বাচনী ব্যয়ৰ নামত ব্যাপক লুণ্ঠনৰাজৰ প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনৰ একাংশ উচ্চপদস্থ বিষয়াই। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেট বন্ধ কৰাৰ বাবে নতুন পদক্ষেপ লোৱাৰ সময়তে খোদ একাংশ ৰাজপত্ৰিত বিষয়াই গোপনে বৃহৎ ছিণ্ডিকেট চলোৱাৰ অপচেষ্টাত লিপ্ত হৈছে।

শেহতীয়াভাৱে, সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত ৪০০ শতাংশৰ পৰা ৯০০শতাংশ অধিক মূল্যত ৯০ শতাংশ ক্ৰয় কৰা কাৰ্যই এই কথা পুনৰ প্ৰমাণ কৰিছে। জানিব পৰা মতে, মুষ্টিমেয় ছপাশালৰ সৈতে গোপন বুজাবুজিৰে জিলা প্ৰশাসনৰ একাংশ উচ্চপদস্থ বিষয়াই এই অসৎ কাৰ্য সমাপন কৰাৰ চেষ্টাত লিপ্ত হৈছে।



শেহতীয়া ভাৱে জিলা প্ৰশাসনৰ আপেক্ষিক বৰ্ণনা (CS) ৰাজহুৱা হোৱাৰ পিছতে এই কথা পুনৰ প্ৰমাণিত হৈছে। CS কপিত দেখা গৈছে ছপাশালৰ সৈতে গোপন বুজাবুজিৰে ৯০শতাংশ সামগ্ৰীৰ নূন্যতম নিবিদা মূল্য বজাৰ মূল্যতকৈ ৪০০ৰ পৰা ৯০০শতাংশ বেছি। ইয়াৰ জৰিয়তে ৰাজকোষৰ পৰা বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰাৰ অপচেষ্টাত লিপ্ত হৈছে। পিছে এই বিষয়ে জিলা প্ৰশাসনৰ দায়িত্বশীল বিষয়াক সকলো কথা একাংশ ছপাশালৰ স্বত্বাধিকাৰীয়ে অৱগত কৰাৰ পিছতো ৰহস্যজনক ভাৱে তেওঁলোকে মৌনতা অৱলম্বন কৰিছে।

তেওঁলোকৰ এই মৌনতাই জিলা প্ৰশাসনত চলি থকা অবাধ দুৰ্নীতিৰাজৰ প্ৰচেষ্টাক উদঙাই দেখুৱাইছে। এতিয়া নগাঁও জিলাৰ দায়িত্বত থকা অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

শেহতীয়া বাতৰি