অসমৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামেৰে দুষ্টচক্ৰই ঈশান উদয় বিশেষ জলপানীৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিব খোজাৰ জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছত থানাত ৰুজু হৈছিল গোচৰ। কিন্তু এই কেলেংকাৰীৰ তদন্ত যেন স্থবিৰ হৈ পৰিল। এই বিশেষ বৃত্তিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰ'ল অসমৰ যোগ্য মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। বৰ্তমান যোগ্য ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত চৰকাৰৰ পৰা বিচাৰিছে উচিত পদক্ষেপ।
উত্তৰ পূৰ্বাঞ্চলৰ ১০ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বছৰি প্ৰদান কৰা ঈশান উদয় জলপানিৰ বৃহৎ পৰিমাণৰ ধন জালিয়াতিৰে দুষ্টচক্ৰই সৰকাই নিয়াৰ পৰিকল্পনা কৰা ভয়ংকৰ তথ্য শেষ মুহূৰ্তত প্ৰায় ৫ মাহ পূৰ্বে পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে, এই জলপানিত সাধাৰণ স্নাতক ডিগ্ৰীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বছৰি ৫৪ হাজাৰ টকা আৰু কাৰিকৰী পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলক বছৰি ৭৮ হাজাৰ টকাৰ জলপানি প্ৰদান কৰা হয়। ইতিমধ্যে এই জালিয়াতি সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কলেজ অব এগ্ৰিকালছাৰৰ কৰ্তৃপক্ষই চাপৰ আৰক্ষী থানাত গোচৰো ৰুজু কৰিছিল কেইমাহমান পূৰ্বে।
বহিঃ ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত অসমৰ ছাত্ৰ-ছাত্ৰী বুলি দেখুৱাই বহু ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত জলপানি প্ৰদানৰ ব্যৱস্থা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। এই জলপানিৰ মেৰিট লিষ্টত নাম থকা অসমৰ প্ৰায় ৫,৮০০ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ৩ হাজাৰেই ভুৱা বুলি সন্দেহ কৰা হৈছিল। উল্লেখ্য , এই জলপানীৰ মেৰিট লিষ্টৰ বহু বিসংগতি পোহৰলৈ আনিছে অসমৰ একাংশ ছাত্ৰই। বহিঃ ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত অসমৰ বহু ভুৱা ছাত্ৰ-ছাত্ৰীয়ে কলা শাখাত অধ্যয়ন কৰা বুলি দেখুৱাই এই জলপানীৰ বাবে নিৰ্বাচিত কৰা হৈছে। নাৰ্ছিং কলেজৰ ছাত্ৰীয়ে ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম পঢ়া দেখুওৱা হৈছে। তালিকাত একে নামৰ পিতৃৰ বহু ছাত্ৰ-ছাত্ৰীৰ নাম থকাৰ অভিযোগ উঠিছে। ঠিক সেইদৰে পিতৃৰ উপাধীৰ সৈতে মিল নাই ছাত্ৰ-ছাত্ৰীৰ উপাধীৰ। এনে ধৰণৰ বহু বিসংগতি পোহৰলৈ অহাৰ পিছত ফাদিল হৈছিল এই কেলেংকাৰী।
আনহাতে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজস্ব অনুসন্ধানৰ পিছত কোনো দুষ্ট চক্ৰই অনলাইনত এই জালিয়াতি সংঘটিত কৰা বুলি জানিবলৈ দিছিল সেই সময়ত। কিন্তু সেই সময়ত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰসমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও এই কেলেংকাৰীৰ সন্দৰ্ভত কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উৎথাপন কৰিছে বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে।
আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগতে অসমৰ ছাত্ৰসমাজৰ মাজত এই জলপানি জালিয়াতিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলেও অসম চৰকাৰে এই ঘটনাত বিশেষ সক্ৰিয়তা প্ৰদৰ্শন নকৰিলে। যিহেতু ঈশান উদয় বিশেষ জলপানি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে গতিকে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। অসমত ৰুজু হোৱা গোচৰ সন্দৰ্ভতো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা হৈছে বুলি জানিবলৈ দি দায়িত্ব সামৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। কিন্তু এই কেলেংকাৰী ফাদিল হোৱাৰ প্ৰায় পাঁচমাহ উকলি যোৱাৰ পিছতো অসমৰ বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোনো ব্যৱস্থা চৰকাৰে হাতত নোলোৱাত বৰ্তমান ছাত্ৰসমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰি কোটি কোটি টকা আত্মসাৎ কৰিবলৈ চেষ্টা কৰা এই ঘটনাৰ ওপৰত ব্যৱস্থা লৈ যোগ্য প্ৰাৰ্থীসকলক জলপানি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক পুনৰ আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰীসকলে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Himangshu Bhuyan
FIRST PUBLISHED : December 17, 2021, 14:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।