বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা আৰু তেওঁৰ স্বামী আকাশদীপ ডেকাৰ বিৰুদ্ধে MSDP আঁচনিত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বটদ্ৰৱা সমষ্টিৰ বিদ্যালয়সমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু শৌচাগাৰ নিৰ্মাণৰ নামত আবণ্টিত আঁচনিত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে বিদ্যালয়সমূহৰ নিৰ্মাণৰ বাবে গঠিত বটদ্ৰৱা সমষ্টিৰ কমিটীৰ সদস্য সচিবৰ দায়িত্বত আছিল প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশদীপ ডেকা। বিভিন্ন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু শৌচাগাৰ নিৰ্মাণৰ বাবদ আবণ্টিত হৈছিল ২ কোটি টকা। পিছে, ৰাইজৰ অভিযোগ অনুসৰি বিগত দুটা বছৰত কোনোধৰণৰ নিৰ্মাণকাৰ্য কৰিব নোৱাৰিলে।
আনহাতে, বহু বিদ্যালয়ৰ প্ৰধান শিক্ষকক অজ্ঞাতে ৰাখি বটদ্ৰৱাৰ একাংশ বিজেপি নেতাই এই ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰ্তৃপক্ষক অজ্ঞাতে ৰাখি কিদৰে এই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিলে সেয়াও ৰহস্যৰ বিষয়। সেয়ে এতিয়া এই সমগ্ৰ কাণ্ডৰ অন্তৰালত নাম সাঙোৰ খাই পৰিছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ লগতে তেওঁৰ স্বামী আকাশদীপ ডেকাৰ।
ইতিমধ্যে এই দুৰ্নীতিৰ উচিত তদন্ত দাবী কৰিছে বটদ্ৰৱা কংগ্ৰেছে। অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানলৈকে সংবাদ মাধ্যমৰ সন্মুখত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা তথা তেওঁৰ স্বামী আকাশদীপ ডেকাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|