ধান খেতিৰ লগতে শাক পাচলি আৰু মচলাত ব্যৱহাৰ কৰা আজৱাইন, গুৱামুৰি আদিৰ খেতিও বানত ডুব গৈছে ৷
ধান খেতিৰ লগতে শাক পাচলি আৰু মচলাত ব্যৱহাৰ কৰা আজৱাইন, গুৱামুৰি আদিৰ খেতিও বানত ডুব গৈছে ৷
এইবাৰৰ আগতীয়া বানত ব্যাপকভাবে ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলাৰ কৃষক ৷ ইতিমধ্যে ধাৰাষাৰ বৰষুণৰ ফলত পল্লা আৰু নখান্দা নৈৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বৰপেটাৰ কেওটপাৰা অঞ্চলৰ প্ৰায় সকলো খেতি পথাৰ বানত ডুব গৈছে ৷
ইতিমধ্যে বৰপেটাৰ কেঁওটপাৰা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা আহু ধানৰ খেতি পানীৰ তলত ডুব গৈছে ৷ আৰু ১৫ দিনমান গ'লেই ধান চপাব পাৰিলেহেতেন কৃষকে ৷ পিছে পল্লা আৰু নখান্দা নৈয়ে সৃষ্টি কৰা আগতীয়া বানে কৃষকৰ সকলো সপোন চাৰখাৰ কৰি পেলালে ৷
বহু কৃষকে মনৰ তাগিদাত বানত ডুব যোৱা ধান কিবাকৈ চপাইছে যদিও সিয়ো এতিয়া ভালুকৰ সাঙীতহে পৰিণত হৈছে ৷ কিয়নো বৰষুণ দি থকাৰ ফলত ধানবোৰত এতিয়া গজালি ওলাবলৈ লৈছে ৷ যদিহে বৰষুণ নকমে তেন্তে চপোৱা ধানবোৰো গজালি মেলি নষ্ট হৈ যোৱাতো স্বাভাৱিক ৷
তাৰোপৰি পথাৰ বানত ডুব গৈ থকাৰ ফলত গৰু ছাগলীৰ খাদ্য সংকটেও দেখা দিছে ৷ফলত কৃষকে কষ্টৰে চপোৱা ধানসমূহ বাটে পথে পেলাই থবলগীয়া হোৱাত এতিয়া গৰু ছাগলীৰ খাদ্যতহে পৰিণত হৈছে ৷
ইপিনে ধান খেতিৰ লগতে শাক পাচলি আৰু মচলাত ব্যৱহাৰ কৰা আজৱাইন, গুৱামুৰি আদিৰ খেতিও বানত ডুব গৈছে ৷ ফলত কৃষকসকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৷
এইদৰে আগতীয়া বানৰ কবলত ক্ষতিগ্ৰস্থ কৃষকসকলে এতিয়া মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|