গুৱাহাটী মহানগৰীত পুনৰ লকডাউন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই সিদ্ধান্ত আজি দুপৰীয়াহে জানিব পৰা যাব। আজি দুপৰীয়া সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰিব। বৃহস্পতিবাৰে এই সনন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠকত বহিছিল হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে।
তাৰ পিছতে জি এম চি এইচত অনুষ্ঠিত হয় আন এখন বৈঠক। আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰা হয় বিষয়টো। বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সম্পূৰ্ণ লকডাউন হোৱাৰেই ইংগিত দিয়ে। অৱশ্যে আজি দুপৰীয়ালৈ অপেক্ষা কৰিব লাগিব নিশ্চিত খবৰৰ বাবে।
উল্লেখযোগ্য যে মহানগৰীত ভয়ংকৰ ৰূপ লৈছে কোভিড–১৯–এ। দৈনিক শতাধিক লোক আক্ৰান্ত হৈছে কোৰোণাত, যিসকলৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত। সেয়েহে এই মহা সংকটৰ পৰা ৰক্ষা পাবলৈ পুনৰ গুৱাহাটীত লকডাউনৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: June 26, 2020, 09:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|