মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Coronavirus Update: কোৰোণাৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰৰো অধিক লোকক আক্ৰান্ত

Coronavirus Update: কোৰোণাৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰৰো অধিক লোকক আক্ৰান্ত

News18 Assam | News18-Assam
Updated:September 24, 2021, 10:36 AM IST
Coronavirus Update: কোৰোণাৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰৰো অধিক লোকক আক্ৰান্ত
এতিয়ালৈ মুঠ ৪ লাখ ৪৬ হাজাৰ ৩৬৪জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।

এতিয়ালৈ মুঠ ৪ লাখ ৪৬ হাজাৰ ৩৬৪জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।

  • News18 Assam
  • Last Updated: September 24, 2021, 10:36 AM IST
  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পুনৰ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত কোভিড–১৯ত আক্ৰান্ত হৈছে ৩১ হাজাৰ ৩৮২জন লোক। মৃত্যু হৈছে ৩১৮জন লোকৰ। বৰ্তমান দেশত ৩ লাখ ১৬২জন লোক কোৰোণাত আক্ৰান্ত হৈ আছে। নতুন সংখ্যাকে ধৰি মুঠ আক্ৰান্তৰ সংখ্যা ৩ কোটি ৩৫ লাখ ৯৪ হাজাৰ ৮০৩জন হৈছেগৈ দেশত। আনহাতে, এতিয়ালৈ মুঠ ৪ লাখ ৪৬ হাজাৰ ৩৬৪জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত।

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে দেশত মুঠ জনসংখ্যাৰ (১৮ বছৰতকৈ অধিক বয়সৰ) প্ৰায় ৬৬ শতাংশ লোকক কোভিড ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে। আনহাতে, ২৩ শতাংশ লোকে গ্ৰহণ কৰিছে দ্বিতীয় পালি। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ভেকচিনৰ ৬৩.৭ শতাংশ পালি গ্ৰাম্য অঞ্চলত আৰু ৩৫.৪ শতাংশ চহৰ অঞ্চলত প্ৰদান কৰা হৈছে। তেওঁ কয় যে গ্ৰাম্য আৰু চহৰ অঞ্চলৰ শ্ৰেণীত নহা কোভিড টিকাকৰণ কেন্দ্ৰত ৬৮.২ লাখ পালি ভেকচিন প্ৰদান কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: September 24, 2021, 10:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি