কোৰোণা ভাইৰাছৰ মহামাৰী ৰূপ, চীনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:January 28, 2020, 10:54 AM IST
কোৰোণা ভাইৰাছৰ মহামাৰী ৰূপ, চীনত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬জনলৈ বৃদ্ধি
ভাৰততো এই ভাইৰাছৰ প্ৰভাৱ দেখা গৈছে। দিল্লীত তিনিটা ঘটনা পোহৰলৈ আহিছে। দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত তিনিজন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণৰ সন্দেহ কৰা হৈছে।

ভাৰততো এই ভাইৰাছৰ প্ৰভাৱ দেখা গৈছে। দিল্লীত তিনিটা ঘটনা পোহৰলৈ আহিছে। দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত তিনিজন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণৰ সন্দেহ কৰা হৈছে।

  • Share this:
চীনত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৬জনলৈ বৃদ্ধি পাইছে। এই ভয়ংকৰ ভাইৰাছত নতুনকৈ ১৩০০ লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। ইয়াৰ মাজতে সোমবাৰে ৰাজধানী বেইজিংতো এজন লোকৰ মৃত্যু হয় এই ভাইৰাছত আক্ৰান্ত হৈ। বেইজিঙত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এয়া প্ৰথমটো ঘটনা।

সোমবাৰে চীনৰ প্ৰধানমন্ত্ৰীয়ে কোৰোণা ভাইৰাছত সৰ্বাধিক প্ৰভাৱিত য়ুহান চহৰত উপস্থিত হয়। চৰকাৰী সংবাদ পত্ৰ চাইনা ডেইলীৰ খবৰ অনুসৰি, এই মহামাৰীৰ পৰা পৰিত্ৰাণ তথা ইয়াৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

তিব্বতক বাদ দি চীনৰ প্ৰায় সকলো প্ৰান্ততে কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি চীনত নতুন বছৰৰ ছুটী আৰু তিনিদিন বৃদ্ধি কৰা হৈছে যাতে জনসাধাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া নহয়।

চীনৰ উপৰি থাইলেণ্ডত সাত, জাপানত তিনি, দক্ষিণ কোৰিয়াত তিনি, আমেৰিকাত তিনি, ভিয়েটনামত দুই, ছিংগাপুৰত চাৰি, মালয়েছিয়াত তিনি, নেপালত এক, ফ্ৰান্সত তিনি আৰু অষ্ট্ৰেলিয়াত চাৰিজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে।

আনহাতে, ভাৰততো এই ভাইৰাছৰ প্ৰভাৱ দেখা গৈছে। দিল্লীত তিনিটা ঘটনা পোহৰলৈ আহিছে। দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত তিনিজন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণৰ সন্দেহ কৰা হৈছে। তিনিওজনৰ নমুনা নেচনেল চেণ্টাৰ ফৰ ডিজিছ কন্ট্র’ললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি