• Home
  • »
  • News
  • »
  • assam
  • »
  • Nalbari Covid SOP : নলবাৰীত জিলা প্ৰশাসনে বাতিল কৰিলে সকলোধৰণৰ অনুষ্ঠান, কোভিড পৰিস্থিতিৰ ভয়াৱহ অৱনতি জিলাখনত

Nalbari Covid SOP : নলবাৰীত জিলা প্ৰশাসনে বাতিল কৰিলে সকলোধৰণৰ অনুষ্ঠান, কোভিড পৰিস্থিতিৰ ভয়াৱহ অৱনতি জিলাখনত

সাংকেতিক ছবি

সাংকেতিক ছবি

Nalbari Covid SOP : নলবাৰীত ১৩ জানুৱাৰী আৰু তাৰ পিছত হ'বলগীয়া সকলোধৰণৰ সভা-সমিতি, ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰৰ নাট প্ৰদৰ্শন বা অন্য অনুষ্ঠানৰ বাবে প্ৰশাসনে দিয়া অনুমতি বাতিল কৰা হয়। 

  • Share this:
নলবাৰীত বাতিল কৰা হ'ল অনুষ্ঠিত হ'ব লগা সকলো ধৰণৰ সভা-সমিতি,  ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰৰ নাট প্ৰদৰ্শন। জিলা দণ্ডাধীশে জাৰি কৰিলে এই নিৰ্দেশনা। নলবাৰী জিলাত কোৰোণা পৰিস্থিতিৰ অৱনতি ঘটাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে।

এই নিৰ্দেশনা অনুসৰি ১৩ জানুৱাৰী আৰু তাৰ পিছত হ'বলগীয়া সকলোধৰণৰ অনুষ্ঠানৰ বাবে প্ৰশাসনে দিয়া অনুমতি বাতিল কৰা হয়। সকলো ধৰণৰ সভা-সমিতি,  ক্ৰীড়া প্ৰতিযোগিতা, থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ অনুমতি ইয়াৰ দ্বাৰা বাতিল কৰা হয়।



কোভিড এছঅ'পি (Covid SOP) মানি চলি অনুষ্ঠিত কৰিব লাগিব সকলো ধৰ্মীয় অনুষ্ঠান।ধৰ্মীয় অনুষ্ঠানত ২০০ জনতকৈ অধিক লোকে অংশ ল'ব নোৱাৰিব।

তৎকালে বলৱৎ হোৱাকৈ নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা।
Published by:Manjumoni Borah
First published: