• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙা কোভিড চিকিৎসালয়ত পি পি ই কিট পৰিধান কৰি উদযাপন কৰিলে স্বাধীনতা দিৱস

কাজিৰঙা কোভিড চিকিৎসালয়ত পি পি ই কিট পৰিধান কৰি উদযাপন কৰিলে স্বাধীনতা দিৱস

কাজিৰঙাৰ কোভি়ড কেয়াৰ চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

কাজিৰঙাৰ কোভি়ড কেয়াৰ চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

কাজিৰঙাৰ কোভি়ড কেয়াৰ চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।

  • Share this:
আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস। দেশৰ প্ৰতিটো প্ৰান্ততে উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু কোৰোণাৰ ভয়াৱহতাৰ বাবে এইবাৰ স্বাধীনতা দিৱসত নাই কোনো সাংস্কৃতিক অনুষ্ঠান। তাৰ মাজতে কাজিৰঙাৰ কোভি়ড কেয়াৰ চেণ্টাৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য।



কাজিৰঙাৰ কোভিড হস্পিতালত কোৰোণা ৰোগী আৰু চিকিৎসকে একেলগে পালন কৰিলে স্বাধীনতা দিৱস। ৰাষ্ট্ৰীয় সংগীত গাই, হাতত জাতীয় পতকা লৈ কঁহৰা আদৰ্শ চিকিৎসালয়ৰ ভিতৰতে চিকিৎসকে পি পি ই কিট পৰিধান কৰি ৰোগী সকলৰ সৈতে পালন কৰিলে স্বাধীনতা দিৱস।

উল্লেখযোগ্য যে, এইবাৰ স্বাধীনতা দিৱস সকলো ঠাইতে কোভিড নীতি-নিয়মৰ মাজেৰে পালন কৰিবলগীয়া হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত উত্তোলন কৰে জাতীয় পতাকা। সেইদৰে সিমিত সংখ্যক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পতাকা উত্তোলন কৰে জৰ্জ খেলপথাৰত।

(কাজিৰঙাৰ পৰা বিতোপন বৰাৰ প্ৰতিবেদন)
Published by:Himangshu Bhuyan
First published: