• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত কেইটা আছে অক্সিজেন জেনেৰেচন প্লাণ্ট? কিদৰে সাজু হৈছে JMCH?

যোৰহাটত কেইটা আছে অক্সিজেন জেনেৰেচন প্লাণ্ট? কিদৰে সাজু হৈছে JMCH?

যোৰহাটবাসীলৈ আছে কিছু আশাব্যঞ্জক খবৰ। কাৰণ যোৰহাট জিলাৰ দুখন চিকিৎসালয়ত আছে অক্সিজেন উৎপাদন কৰিব পৰা প্লাণ্ট।

যোৰহাটবাসীলৈ আছে কিছু আশাব্যঞ্জক খবৰ। কাৰণ যোৰহাট জিলাৰ দুখন চিকিৎসালয়ত আছে অক্সিজেন উৎপাদন কৰিব পৰা প্লাণ্ট।

যোৰহাটবাসীলৈ আছে কিছু আশাব্যঞ্জক খবৰ। কাৰণ যোৰহাট জিলাৰ দুখন চিকিৎসালয়ত আছে অক্সিজেন উৎপাদন কৰিব পৰা প্লাণ্ট।

  • Share this:
দেশৰ বহু স্থানত কোভিদ-19 পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়ত ব্যাপক নাটনিৰ সৃষ্টি হৈছে মেডিকেল অক্সিজেনৰ। চিকিৎসালয়ত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে বহু কোভিদ ৰোগীৰ। কিন্তু ইয়াৰ বিপৰীতে যোৰহাটবাসীলৈ আছে কিছু আশাব্যঞ্জক খবৰ। কাৰণ যোৰহাট জিলাৰ দুখন চিকিৎসালয়ত আছে অক্সিজেন উৎপাদন কৰিব পৰা প্লাণ্ট।

যোৰহাটত দৈনিক কোভিদ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও বৰ্তমানলৈকে কোভিদ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ আছে। পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত কোভিদৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে জেএমচিএইছ কৰ্তৃপক্ষ।

জেএমচিএইছত ইতিমধ্যে বহু বিচনাত কৰা হৈছে ২৪ ঘণ্টাই অক্সিজেন যোগানৰ ব্যৱস্থা। জেএমচিএইছত ইতিপূৰ্বে স্থাপন কৰা হৈছিল দৈনিক ৩০ হাজাৰ লিটাৰ লিকুইড অক্সিজেন সংৰক্ষণ কৰিব পৰা দুটা লিকুইড মেডিকেল অক্সিজেন টেংক।

এই অক্সিজেন টেংক দুটাৰ পৰা জেএমচিএইছৰ বৰ্তমান ৬০ খন কোভিদ ৱাৰ্ডৰ বিচনা , ৫০ খন আইচিইউ বিচনা আৰু অন্যান্য ২০ খন বিচনালৈ চেণ্ট্ৰেল লাইন অক্সিজেন যোগানৰ ব্যৱস্থা আছে । আনহাতে জেএমচিএইছত থকা আন দুটা মূল অক্সিজেন প্লাণ্টত প্ৰতিটোতে দৈনিক প্ৰতিঘণ্টাত ৩০ হাজাৰ লিটাৰ অক্সিজেন উৎপাদনৰ ক্ষমতা আছে । এই প্লাণ্ট দুটাৰ পৰা জেএমচিএইছৰ বিচনাসমূহলৈ চেণ্ট্ৰেল লাইন অক্সিজেন যোগানৰ ব্যৱস্থা আছে। বৰ্তমান আৰু ১১০ খন বিচনালৈ অক্সিজেন যোগানৰ পাইপলাইনৰ কাম চলি আছে।

আনহাতে যোৰহাটৰ খ্ৰীষ্টান মেডিকেল চেণ্টাৰটো নুমলীগড় শোধনাগাৰৰ পৰা লাভ কৰা আৰ্থিক সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছিল এটা অক্সিজেন প্লাণ্ট। এই প্লাণ্টত উৎপাদন কৰা অক্সিজেনৰ দ্বাৰা যোৰহাট মিছন হাস্পতালত বৰ্তমান প্ৰায় ৬০ খন বিচনালৈ চেণ্ট্ৰেল লাইন অক্সিজেন যোগানৰ সুবিধা আছে। প্ৰয়োজনত এনে বিচনাৰ সংখ্যা ৮০-৯০ খনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি জানিবলৈ দিছে মিছন হাস্পতাল কৰ্তৃপক্ষই।
Published by:Himangshu Bhuyan
First published: