অসমত পোৱা গৈছে কোৰোণাৰ UK ভেৰিয়েণ্ট, অতি দ্ৰুতগতিত বিয়পাৰ লগতে প্ৰভাৱ পেলাইছে হাওঁফাওঁত, সতৰ্কবাণী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:April 19, 2021, 10:53 AM IST
অসমত পোৱা গৈছে কোৰোণাৰ UK ভেৰিয়েণ্ট, অতি দ্ৰুতগতিত বিয়পাৰ লগতে প্ৰভাৱ পেলাইছে হাওঁফাওঁত, সতৰ্কবাণী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
দেশত কোৰোণাই লৈছে ভয়াৱহ ৰূপ। কেৱল দেওবাৰৰ দিনটোতে কোৰোণাত আক্ৰান্ত হ'ল প্ৰায় ২ লাখ ৭৬ হাজাৰ লোক।

দেশত কোৰোণাই লৈছে ভয়াৱহ ৰূপ। কেৱল দেওবাৰৰ দিনটোতে কোৰোণাত আক্ৰান্ত হ'ল প্ৰায় ২ লাখ ৭৬ হাজাৰ লোক।

  • Share this:
দেশত কোৰোণাই লৈছে ভয়াৱহ ৰূপ। কেৱল দেওবাৰৰ দিনটোতে কোৰোণাত আক্ৰান্ত হ'ল প্ৰায় ২ লাখ ৭৬ হাজাৰ লোক। অসমতো এতিয়া দিনে দিনে বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণা ৰোগীৰ বাবে এতিয়া পুনৰ নিৰ্মাণ কৰা হৈছে সৰুসজাইত কোৰোণা হাস্পতাল।

তাৰ মাজতে দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰোণাৰ দ্বিতীয় ঢৌকলৈ দিয়ে সতৰ্কবাণী। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, অসমত এতিয়া পোৱা হৈছে কোৰোণাৰ UK ভেৰিয়েণ্ট। অতি দ্ৰুতগতিত বিয়পে এই ভাইৰাছ। আনহাতে বতাহতো বহু দেৰি থাকে। কোৰোণা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টে মানুহৰ হাঁওফাওঁত গভীৰ ভাবে প্ৰভাৱ পেলায়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'কোৰোণাৰ এই নতুন ভাইৰাছ লক্ষণ বিহীন হিচাপে নাথাকে। দেহত ভাইৰাছ প্ৰৱেশ কৰিলেই লক্ষণে দেখা দিয়ে। অসমত বৰ্তমানলৈকে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ কম যদিও এতিয়া গুৰুতৰ ৰোগীৰ হাৰ ক্ৰমান্বৰে বাঢ়িবলৈ আৰম্ভ কৰিছে।'
Published by: Himangshu Bhuyan
First published: April 19, 2021, 10:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি