ইতিহাস হোৱাৰ দিশে লকডাউন, আৰম্ভ হ'ল মহামাৰী কোৰোণাৰে সহবাস!

News18 Assam | News18-Assam
Updated:August 17, 2020, 8:52 PM IST
ইতিহাস হোৱাৰ দিশে লকডাউন, আৰম্ভ হ'ল মহামাৰী কোৰোণাৰে সহবাস!
লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ-বাণিজ্যও হ'ল আৰম্ভ৷ ৫০% যাত্ৰীৰে কোভিড নিয়ম মানি চিটীবাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে দূৰ হ'ল যাতায়াতৰ অসুবিধা৷

লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ-বাণিজ্যও হ'ল আৰম্ভ৷ ৫০% যাত্ৰীৰে কোভিড নিয়ম মানি চিটীবাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে দূৰ হ'ল যাতায়াতৰ অসুবিধা৷

  • Share this:
আনলক–৩ৰ নিৰ্দেশনা অনুসৰি মহানগৰীত সোমবাৰৰ পৰা খুলিল পথৰ দুয়োকাষৰ সকলো দোকান৷ চলিল আন্তঃজিলা যাতায়াত, ৫০% যাত্ৰীৰে কোভিড নিয়ম মানি আৰম্ভ হ'ল চিটীবাছ সেৱা, চলিল দূৰণিবটীয়া বাছ৷

লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ-বাণিজ্যও হ'ল আৰম্ভ৷ ৫০% যাত্ৰীৰে কোভিড নিয়ম মানি চিটীবাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে দূৰ হ'ল যাতায়াতৰ অসুবিধা৷

'বাছ বন্ধ হৈ থাকোতে হাজিৰা কৰিছিলো, এতিয়া বাছ সেৱা পুনৰ আৰম্ভ হোৱাই কিছু সকাহ পাইছো' – ক’লে এজন চিটী বাছ চালকে৷

সকলো লাহে লাহে স্বাভাৱিক হোৱাৰ দিশে গতি কৰিলেও এতিয়াও স্বাভাৱিক হোৱা নাই কোভিড পৰিস্থিতি৷ কিন্তু জীৱন আৰু জীৱিকাৰ স্বাৰ্থতে এনেদৰে আৰম্ভ হ'ল কোৰোণাৰ সৈতে সহবাস৷ এতিয়া কোৰোণাৰ পৰা নিজক আৰু আনক ৰক্ষা কৰাৰ স্বাৰ্থত সকলো নিয়ম পালন কৰাটো কেৱল জনসাধাৰণৰ হাতত৷
Published by: Sanjay Kumar Das
First published: August 17, 2020, 8:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading