• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhitali Das passes away: জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু নাই...কোৰোণাই কাঢ়ি নিলে প্ৰাণ

Bhitali Das passes away: জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু নাই...কোৰোণাই কাঢ়ি নিলে প্ৰাণ

অসমৰ সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি

অসমৰ সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি

অসমৰ সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি

  • Share this:
জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু নাই। কোৰোণাত আক্ৰান্ত হৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।ক'ভিড আক্ৰান্তহৈ ১৪ এপ্ৰিলত কালাপাহাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ভিতালী দাসক। আৰু তেতিয়াৰ পৰাই চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছিল কণ্ঠশিল্পীগৰাকীয়ে।

লতাশিল বিহু অনুষ্ঠানত ভাগ ল'বলৈ গৈ ১৪ এপ্ৰিলত অসুস্থ হৈ পৰিছিল ভিতালী দাস। ভিতালী দাসৰ মৃত্যুৱে এতিয়া সৰ্বত্ৰ শোকৰ ছাঁ পেলাইছে। জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, মৰমজান আদিৰ দৰে প্ৰতিখন জনপ্ৰিয় বিহুগীতৰ কেছেটতে কণ্ঠ নিগৰোৱা ভিতালী দাসৰ মৃত্যু ৰাজ্যৰ সংগীত জগতৰ বাবে অপুৰণীয় ক্ষতি।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি