‘কোৰোণা ভাইৰাছকলৈ ৰাজনীতি নকৰিব’- ৰিপুণ বৰাক সকীয়নি ৰণজিৎ দাসৰ

‘ৰাজনীতি নকৰিব, এয়া ৰাজনীতিৰ সময় নহয়’- সংকটৰ সময়ত সকলোলোকে আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ ৷
‘ৰাজনীতি নকৰিব, এয়া ৰাজনীতিৰ সময় নহয়’- সংকটৰ সময়ত সকলোলোকে আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ ৷
- News18 Assam
- Last Updated: April 10, 2020, 5:22 PM IST
কোৰোণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকটৰ সময়ছোৱাত দেশজুৰি এতিয়া ল'ক ডাউন। ল’ক ডাউনৰ সময়ছোৱাত অসুবিধাৰ সন্মুখীন হোৱা বিপিএল পৰিয়াল সমূহক চৰকাৰে দিয়া সাহায্যক লৈ APCCৰ সভাপতি ৰিপুণ বৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।
যাৰ প্ৰত্যুত্তৰ দি ৰণজিৎ দাসে শুকুৰবাৰে কয় যে, ‘কভিড 19ৰ বিৰুদ্ধ যুঁজখনত মুখ্যমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰীয়ে সাৱলীল ভাৱে নেতৃত্ব দিছে ৷ দূৰদৰ্শী নেতৃত্বই কোৰোণা প্ৰতিৰোধত সহায় কৰিছে ৷ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে সামগ্ৰী বিতৰণক লৈ ৰাজনীতিকৰণ কৰা বুলি অনা অভিযোগ দুৰ্ভাগ্যজনক ৷ এই সময়ত এনে মন্তব্যই বিচলিত কৰে ৷ কংগ্ৰেছৰ দিনত প্ৰস্তুত কৰা BPLতালিকাৰ ভিত্তিতে চৰকাৰে হাজাৰ টকাকৈ দিছে পৰিয়াল সমূহক ৷ গতিকে এনে মন্তব্য কৰাৰ পৰা সকলো বিৰত থাকক ৷’
ইফালে চৰকাৰৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৫মে' পৰ্যন্ত বিজেপিৰ ৩২,৯১২ গৰাকী কাৰ্যকৰ্তাই ৮,২৮,৭৪১টা পৰিয়ালক আগবঢ়াব সাহাৰ্য ৷ সংবাদমেলত এই কথাও সদৰি কৰিলে সভাপতি গৰাকীয়ে ৷