• Home
  • »
  • News
  • »
  • assam
  • »
  • মঙলদৈত কোৰোণাৰ গণসংক্ৰমণৰ আশংকা, সাংসদ-বিধায়কলৈ সংক্ৰমিত হোৱাৰ শংকা!

মঙলদৈত কোৰোণাৰ গণসংক্ৰমণৰ আশংকা, সাংসদ-বিধায়কলৈ সংক্ৰমিত হোৱাৰ শংকা!

 মঙলদৈত এতিয়া কোৰোণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে

মঙলদৈত এতিয়া কোৰোণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে

মঙলদৈত এতিয়া কোৰোণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে

  • Share this:
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে  কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। মঙলদৈত এতিয়া কোৰোণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকাত দিন পাৰ কৰিছে ৰাইজে।  শ্বিলঙৰ পৰা অহা মঙলদৈৰ এজন লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই আতংকৰ সৃষ্টি হৈছে মঙলদৈ ডাহি পঞ্চায়তৰ কেইবাখনো গাঁৱত।

লোকজনৰ নাম প্ৰভাৱ বণিয়া। হঠাত্‍ স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰভাত বনিয়া নামৰ লোকজনক ২ জুনত নিজ ডাঁহি দীঘিৰপাৰৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছত সেই দিনাই মঙলদৈ অসামৰিক চিকিৎসালয়ত  কোৱাৰেণ্টাইন  কৰা হৈছিল প্ৰভাতক। প্ৰভাত বণিয়াক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ গৈছিল হৰপতি ডেকা নামৰ এজন লোকৰ সৈতে। লগত হৈছিল প্ৰশান্ত শৰ্মা নামৰ এজন গাড়ী চালকো।

কিন্তু প্ৰভাত বনিয়াৰ সংস্পৰ্শলৈ অহা হৰপতি ডেকাই কোনো সাৱধানতা অবলম্বন নকৰি বিভিন্ন ঠাইলৈ গৈছিল। লগতে ঘৰৰো আটাইৰে লগত একেলগে আছিল। আনকি বিভিন্ন জনক বেজী দিও ফুৰিছিল। ৬ জুনত মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনাও বিভিন্ন জনৰ ঘৰলৈ গৈছিল হৰপতি ডেকা।

আনহাতে কৰ্মচাৰী হৰপতিৰ পত্নী বিজেপি দলৰ ডাঁহী গাওঁ পঞ্চায়তৰ সদস্য হোৱা বাবে ৪ জুনত বৰসত্ৰ আদৰ্শ গাঁৱৰ ৮ টাকৈ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ভাগ লোৱা মঙলদৈৰ বিধায়ক, সাংসদৰো সংস্পৰ্শলৈ আহিছিল।

এদিন পূৰ্বে প্ৰভাত বনিয়াৰ দেহত কোৰোণা পজিটিভ ওলোৱাৰ পিছতে মঙলদৈ নিজডাঁহি, বনিয়াপাৰা, বৰসত্ৰ গাঁৱত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। প্ৰভাৱতৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে হৰপতি ডেকাকো ইতিমধ্যে দৰং জিলা স্বাস্থ্য বিভাগে মঙলদৈ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা হৈছে।

কিন্তু গাড়ী চালক প্ৰশান্ত শৰ্মাক এতিয়ালৈকে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰা নাই স্বাস্থ্য বিভাগে। যদিহে হৰপতি ডেকা কৰোণা পজিটিভ ওলাই, তেন্তে কেইবাখনো গাওঁৰ লোক, বিধায়ক , সাংসদ, সাংবাদিকো হ’ব লাগিব কোৱাৰেণ্টাইন।
First published: