৩ জুলাইৰ পৰা গুৱাহাটীত নতুন পদ্ধতিৰে কোৰোণাৰ পৰীক্ষা, এঘণ্টাৰ ভিতৰত ঘৰতে পাব ফলাফল

News18 Assam | News18-Assam
Updated:July 1, 2020, 4:53 PM IST
৩ জুলাইৰ পৰা গুৱাহাটীত নতুন পদ্ধতিৰে কোৰোণাৰ পৰীক্ষা, এঘণ্টাৰ ভিতৰত ঘৰতে পাব ফলাফল
সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা

  • Share this:
গুৱাহাটীবাসীয়ে ঘৰতে লাভ কৰিব পাৰিব কোৰোণা পৰীক্ষাৰ ফলাফল। ৩ জুলাইৰ পৰা গুৱাহাটীত নতুন পদ্ধতিৰে হ’ব কোৰোণাৰ নতুন পৰীক্ষাৰ পদ্ধতি। এই পৰীক্ষাই মাত্ৰ এঘণ্টাতে দিব ৰিজাল্ট। নতুন পদ্ধতিত নাকৰ পৰা লোৱা হ’ব স্বোৱাব। কোডিভ-19 AG  টেষ্টৰ জৰিয়তে প্ৰতিদিনাই প্ৰায় ১০ হাজাৰ লোকৰ কোৰণা পৰীক্ষা কৰা হ’ব। কাইলৈৰ পৰাই স্বাস্থ্য বিভাগৰ কৰ্মীক  ইয়াৰ প্ৰশিক্ষণ দিয়া হ’ব।

কিদৰে হ’ব পৰীক্ষা?

নতুন পদ্ধতিৰে ঘৰতে লাভ কৰিব ফলাফল। স্বাস্থ্য বিভাগৰ কৰ্মীয়ে কৰিব পৰীক্ষা। কাইলৈ এই সন্দৰ্ভত স্বাস্থ্যকৰ্মীক দিয়া হ’ব প্ৰশিক্ষণ। এই নতুন পৰীক্ষাত মাত্ৰ এঘণ্টাতে পাব ফলাফল। ফলাফলত প্ৰথমবাৰ নিগেটিভ কৰা ওলোৱা সকলক আকৌ এবাৰ পৰীক্ষা কৰা হ’ব। কিন্তু প্ৰথমবাৰতে পজিটিভ ওলোৱা সকলক আকৌ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।

লগতে কোৰোণাৰ এটা ৱেবচেইটো মুকলি কৰিব স্বাস্থ্য বিভাগে। টেষ্ট লোৱা সময়ত এছ আৰ এফ নম্বৰ দিয়া হয়। পিছত ৱেব চাইটত এছ আৰ এফ নম্বৰ চাৰ্চ কৰিলে লাভ কৰিব পাৰিব কোৰোণা পৰীক্ষাৰ ৰিপৰ্ট। ৱেবচাইটটোৰ নাম হ’ব- covidassam.in।
First published: July 1, 2020, 4:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি