যোৰহাটত পোৱা গ’ল নেকি কোৰোণাৰ নতুন ষ্ট্ৰেইন? কি ক’লে জিলা উপায়ুক্তই?

নৱবৰ্ষৰ প্ৰথম দিনটোতে যোৰহাটবাসীলৈ আছে এটা ভাল খবৰ। এই খবৰে যোৰহাটবাসীৰ দুঃ চিন্তা হ্ৰাস কৰিব।
নৱবৰ্ষৰ প্ৰথম দিনটোতে যোৰহাটবাসীলৈ আছে এটা ভাল খবৰ। এই খবৰে যোৰহাটবাসীৰ দুঃ চিন্তা হ্ৰাস কৰিব।
- News18 Assam
- Last Updated: January 2, 2021, 9:35 AM IST
যোৱা ১৩ ডিচেম্বৰত লণ্ডনৰ পৰা আহি দিল্লীহৈ যোৰহাটত উপস্থিত হৈছিল আস্ফাকুৰ ৰহমান। ২৪ ডিচেম্বৰত নগৰৰ সমীপৰ ৰজাবাৰীৰ বাসিন্দা আস্ফাকুৰৰ শৰীৰত পোৱা গৈছিল কোভিড19ৰ সংক্ৰমণ।
তেওঁৰ ঘৰত কাম কৰা টুটুমণি নামৰ এগৰাকী মহিলাৰ শৰীৰতো পোৱা গৈছিল কোভিড19ৰ সংক্ৰমণ। যোৱা ১২ ডিচেম্বৰত লণ্ডনৰ পৰা আহি দিল্লীত উপস্থিত হোৱাৰ পিছত অৱশ্যে লোকজনৰ শৰীৰত কোভিড19 নিগেটিভ পোৱা গৈছিল।