মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণাৰ কাল ৰূপ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা নগাঁও জিলা প্ৰশাসনৰ

কোৰোণাৰ কাল ৰূপ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা নগাঁও জিলা প্ৰশাসনৰ

News18 Assam | News18-Assam
Updated:June 19, 2021, 11:25 AM IST
কোৰোণাৰ কাল ৰূপ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা নগাঁও জিলা প্ৰশাসনৰ
বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত কভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত।

বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত কভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এই সিদ্ধান্ত।

  • Share this:
নগাঁও জিলাত অতিমাৰী কভিড-১৯ৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে।  শুকুৰবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, জিলা খনত আজি পৰ্যন্ত মুঠ ১৪ হাজাৰ ৬৪১ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত আৰোগ্য হৈ উঠিছে ১২,১৯৪ গৰাকী। মৃত্যু হৈছে ৭৮ গৰাকী।

ইপিনে অতিমাৰী কোভিডৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বেবেজীয়া দৈনিক বজাৰ সাত দিনৰ বাবে নগাঁও জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। জিলা প্ৰশাসনৰহৈ উপায়ুক্ত কবিথা পদ্মনাভনে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশত উল্লেখ থকা মতে, বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।ইয়াৰ পিছতো কিন্তু সচেতন হোৱা নাই লোক। বেবেজীয়া দৈনিক বজাৰত জনাসমাগম পৰিলক্ষিত হয়। এনে জনাসমাগমে কোভিড-১৯ সংক্ৰমণেৰ ক্ষেত্ৰত অৰিহনা যোগাব।সেয়েহে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বেবেজীয়া দৈনিক বজাৰ শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সাত দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে।
Published by: Himangshu Bhuyan
First published: June 19, 2021, 11:25 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি