মুখ্যপৃষ্ঠা »খবৰ »অসম »কোৰোণাৰ সংহাৰী ৰূপ! অনিৰ্দিষ্ট কাললৈ বন্ধ নগাঁৱৰ প্ৰাথমিক বিদ্যালয়

কোৰোণাৰ সংহাৰী ৰূপ! অনিৰ্দিষ্ট কাললৈ বন্ধ নগাঁৱৰ প্ৰাথমিক বিদ্যালয়

প্ৰতীকী ফটো

প্ৰতীকী ফটো

নিৰ্দেশনা অনুযায়ী, সকলো নিম্ন প্ৰাথমিক বিদ্যালয়(চৰকাৰী আৰু বেচৰকাৰী) আজিৰে পৰা বন্ধ থাকিব।

  • Share this:
কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুযায়ী, সকলো নিম্ন প্ৰাথমিক বিদ্যালয়(চৰকাৰী আৰু বেচৰকাৰী) আজিৰে পৰা বন্ধ থাকিব।

অসমৰ স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুযায়ী, জিলা উপায়ুক্ত কবিথা পদ্মনাভনে এই নিৰ্দেশনা দেওবাৰে নিশা জাৰি কৰিছে। আনহাতে জিলাখনত কোভিদৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ক'ভিদ প্ৰট'কল ভংগকাৰী সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব জিলা প্ৰশাসনে।

জিলাখনত বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১৬৪জন। ১৬জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। অৱশ্যে কোভিদ ৰোগীৰ সংখ্যা ১০০তকৈ হ্ৰাস হোৱাৰ পিছতহে জিলা প্ৰশাসনে বিদ্যালয় নতুন নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে।

আজি দিনৰ ১১বজাত নগাঁও জিলা ব্যৱসায়ী সন্থাৰ সৈতে এক বৈঠকত মিলিত হয় জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰ। ব্যৱসায়ী সকলক সম্পূৰ্ণ কোভিদ প্ৰ'ট'কল মানি ব্যৱসায়ীক কাম-কাজ চলাবলৈ অনুৰোধ জনোৱাৰ লগতে বিহু কমিটী সমূহকো পৰাপক্ষত জনাসমাগম হ্ৰাস কৰাৰ বাবে অনুৰোধ জনাই জিলা প্ৰশাসনে।

শেহতীয়া বাতৰি