সাৱধান হওক! অসম পালেহি নেকি কোৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন?

News18 Assam | News18-Assam
Updated:December 25, 2020, 5:00 PM IST
সাৱধান হওক! অসম পালেহি নেকি কোৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন?
লণ্ডনৰ পৰা ডিচেম্বৰ মাহত অসমলৈ অহা এজন লোকৰ শৰীৰত শেহতীয়াকৈ পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ।

লণ্ডনৰ পৰা ডিচেম্বৰ মাহত অসমলৈ অহা এজন লোকৰ শৰীৰত শেহতীয়াকৈ পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ।

  • Share this:
লণ্ডনৰ পৰা ডিচেম্বৰ মাহত অসমলৈ অহা এজন লোকৰ শৰীৰত শেহতীয়াকৈ পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ। যোৱা ১২ ডিচেম্বৰত লণ্ডনৰ পৰা দিল্লীহৈ যোৰহাটৰ ৰজাবাৰিস্থিত বাসগৃহলৈ আহিছিল আস্ফাকুৰ ৰহমান নামৰ লোকজন। যোৱা বৃহস্পতিবাৰে লোকজনক পুনৰ কোভিড19ৰ পৰীক্ষা কৰাত দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। তেওঁৰ ঘৰত কাম কৰা টুটুমণি নামৰ এগৰাকী মহিলাৰ শৰীৰতো ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ।

যোৱা ১২ ডিচেম্বৰত লণ্ডনৰ পৰা আহি দিল্লীত উপস্থিত হোৱাৰ পিছত কৰা পৰীক্ষাত অৱশ্যে লোকজনৰ দেহত কোৰোণা নিগেটিভ পোৱা গৈছিল। তাৰ পিছত যোৰহাটত উপস্থিত হোৱা লোকজনক ২৪ ডিচেম্বৰত পুনৰ পৰীক্ষা কৰাত কোৰোণা পজিটিভ পোৱা যায় । বৰ্তমান লোকজন আৰু তেওঁৰ ঘৰত কাম কৰা যুৱতীগৰাকীক JMCHত ভৰ্তি কৰা হৈছে ।

"লণ্ডনৰ পৰা অহা লোকজন ক’ত সংক্ৰমণৰ বলি হৈছে সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই । ইতিমধ্যে তেওঁৰ পৰা সংগ্ৰহ কৰা নমুনা পুণাস্থিত এন আই ভিলৈ পঠিওৱা হৈছে। তাৰ পিছতহে গম পোৱা যাব যে এই ভাইৰাছৰ ষ্ট্ৰেইন লণ্ডনৰ নে অসমৰ। আনহাতে সংক্ৰমণৰ বলি হোৱা দুয়োজনৰে চি টি ভেল্যু ৩৪। এই পৰিমাণৰ চি টি ভেল্যুৰ লোকৰ পৰা আনলৈ সংক্ৰমণ ঘটাৰ আশঙ্কা কম। " , যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাতিয়ে এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: December 25, 2020, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি