মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কণ্টেইনমেণ্ট জিলাৰ তালিকাৰ পৰা কেতিয়া মুক্ত হ'ব যোৰহাট? যোৰহাটত ২৪ ঘণ্টাই অব্যাহত সান্ধ্যআইন

কণ্টেইনমেণ্ট জিলাৰ তালিকাৰ পৰা কেতিয়া মুক্ত হ'ব যোৰহাট? যোৰহাটত ২৪ ঘণ্টাই অব্যাহত সান্ধ্যআইন

News18 Assam | News18-Assam
Updated:July 20, 2021, 11:12 AM IST
কণ্টেইনমেণ্ট জিলাৰ তালিকাৰ পৰা কেতিয়া মুক্ত হ'ব যোৰহাট? যোৰহাটত ২৪ ঘণ্টাই অব্যাহত সান্ধ্যআইন
যোৰহাটত ২৪ ঘণ্টাই অব্যাহত থাকিব সান্ধ্যআইন। যোৰহাট জিলাত গেলামালৰ দোকান, শাক পাচলি, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীকেন্দ্ৰ আৰু পশুখাদ্যৰ বিক্ৰীকেন্দ্ৰসমূহ ২০ জুলাইৰ পৰা বিয়লি ৩ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷

যোৰহাটত ২৪ ঘণ্টাই অব্যাহত থাকিব সান্ধ্যআইন। যোৰহাট জিলাত গেলামালৰ দোকান, শাক পাচলি, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীকেন্দ্ৰ আৰু পশুখাদ্যৰ বিক্ৰীকেন্দ্ৰসমূহ ২০ জুলাইৰ পৰা বিয়লি ৩ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷

  • Share this:
ৰাজ্য চৰকাৰে পুনৰ এসপ্তাহৰ বাবে যোৰহাট জিলাক কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰি নতুন এছঅ'পি জাৰি কৰাৰ পিছত যোৰহাট জিলা প্ৰশাসনেও আগন্তুক সপ্তাহটোৰ বাবে নতুন এছঅ'পি জাৰি কৰিছে ।

সেই অনুসৰি যোৰহাটত ২৪ ঘণ্টাই অব্যাহত থাকিব সান্ধ্যআইন। যোৰহাট জিলাত গেলামালৰ দোকান, শাক পাচলি, দুগ্ধজাত সামগ্ৰীৰ বিক্ৰীকেন্দ্ৰ আৰু পশুখাদ্যৰ বিক্ৰীকেন্দ্ৰসমূহ ২০ জুলাইৰ পৰা বিয়লি ৩ বজালৈকে খোলাৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে ৷ এই ক্ষেত্ৰত অন্যান্য ব্যৱসায় প্ৰতিষ্ঠান সমূহ খোলা ৰাখিব নোৱাৰিব। কৃষিৰ বাবে প্ৰয়োজনীয় সাৰ আদি বিক্ৰী কৰা দোকানসমূহো বিয়লি ৩ বজালৈকে খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে পথৰ কাষত শাক-পাচলিকে ধৰি অন্যান্য সামগ্ৰী বিক্ৰী কৰাটো নিষিদ্ধ কৰা হৈছে। ই-কমাৰ্চ ব্যৱস্থাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান জিলাখনত অব্যাহত থাকিব। আনহাতে জিলাখনত পূৰ্বৰ দৰেই যান বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম- অযুগ্ম নীতি বাহাল থাকিব বুলি জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে ।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত যোৰহাটত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাহিৰে বাকী ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে কেইখনমান যান-বাহনৰ চকাত পাম্প দিয়া তথা মেৰামতি কৰা দোকান আৰু যান-বাহনৰ সামগ্ৰী বিক্ৰী কৰা দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে।

যোৰহাট নগৰৰ গেলামাল সামগ্ৰীৰ পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানসমূহত যাতে ভিৰ নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে যোৰহাট জিলা প্ৰশাসনে। ক'ভিড বিধি মানি নচলা ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হ'ব বুলি জানিবলৈ দিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে যোৰহাটৰ এ টি ৰোডকে ধৰি ব্যৱসায়িক অঞ্চলসমূহত সমৱেত হোৱা লোকসকলৰ ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে।

শেহতীয়াকৈ যোৰহাটত ক্ৰমাৎ হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ। জিলাখনত ১৫ জুলাইত সংক্ৰমণৰ হাৰ আছিল ২.৯৯ শতাংশ। ১৯ জুলাই পৰ্যন্ত বিগত চাৰিদিনত যোৰহাটত সংক্ৰমনৰ হাৰ আছিল ক্ৰমে ২.৭৮ শতাংশ, ১.৮৬ শতাংশ, ২.৭৭ শতাংশ আৰু ১.৭১ শতাংশ। ১৯ জুলাইত যোৰহাটত মুঠ ৬৫০১ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ১১১ গৰাকী লোকৰ ক'ভিড পজিটিভ পোৱা গৈছিল।
Published by: Himangshu Bhuyan
First published: July 20, 2021, 11:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি