সৰুসজাই ষ্টেডিয়ামত বৃহৎ ‘Isolation Centre’,নিৰ্মাণ কাৰ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:March 26, 2020, 5:41 PM IST
সৰুসজাই ষ্টেডিয়ামত বৃহৎ ‘Isolation Centre’,নিৰ্মাণ কাৰ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
নিৰ্মাণ কাৰ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিৰ্মাণ কাৰ্যৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে বৃহৎ ‘Isolation Centre’। বৃহস্পতিবাৰে  মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বুজ ল'লে আছুতীয়া কক্ষ নিৰ্মাণৰ অগ্ৰগতিৰ।  যিসকলক ঘৰত আছুতীয়াকৈ ৰাখিব নোৱাৰাসকলক ৰাখিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী শৰ্মাই কয় যে, ‘এতিয়াও সীমান্তত আবদ্ধ হৈ আছে বৃহৎসংখ্যক লোক। হোটেলে ৰাখিব ইচ্ছা কৰা নাই বৃহৎসংখ্যক লোকক। গতিকে সেইসকলক আছুতীয়াকৈ ৰাখিবলৈ এই ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।খোৱা–বোৱা সকলো চৰকাৰে বহন কৰিব।’

মন্ত্ৰীগৰাকীয়ে জনাই যে, বৰ্তমান শ্ৰীৰামপুৰ, বক্সিৰহাটতে আৱদ্ধ হৈ আছে ৭০০লোক। এই লোকসকলক ৰাখিবলৈ ৰাজ্য চৰকাৰে এই ব্য়ৱস্থা হাতত লৈছে। আনহাতে নেহৰু ষ্টেডিয়ামতো হ'ব অতিৰিক্ত আছুতীয়া কক্ষ। ২০০টা টয়লেটৰ ব্যৱস্থা থাকিব সৰুসজাইত।

ইয়াৰ উপৰিও  L&Tৰ সহযোগত ৰাজ্যত হাস্পতাল নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ‘চৰকাৰৰ হাতত পৰ্যাপ্ত ধন আছে। বহু সাংসদে ধন দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। বহু লোকেও চৰকাৰক সহায় কৰিব বিচাৰিছে। আমি এটা একাউণ্ট নম্বৰ শীঘ্ৰেই ৰাজহুৱা কৰিম।MBBS, নাছিঙৰ ফাইনেলৰ ছাত্ৰ–ছাত্ৰীৰ হ’ব প্ৰশিক্ষণ।’ এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি