• Home
  • »
  • News
  • »
  • assam
  • »
  • অসম আৰোগ্য নিধিত কিমান টকা জমা আছে? কি কামত ব্যৱহৃত হ'ব সেই ধন? ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসম আৰোগ্য নিধিত কিমান টকা জমা আছে? কি কামত ব্যৱহৃত হ'ব সেই ধন? ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

'অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬কোটি টকা আছে’। সুত মিলি ১১৮ কোটিৰো অধিক টকা হৈছেগৈ। এই গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰিম।'- হিমন্ত বিশ্ব শৰ্মা

'অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬কোটি টকা আছে’। সুত মিলি ১১৮ কোটিৰো অধিক টকা হৈছেগৈ। এই গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰিম।'- হিমন্ত বিশ্ব শৰ্মা

'অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬কোটি টকা আছে’। সুত মিলি ১১৮ কোটিৰো অধিক টকা হৈছেগৈ। এই গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰিম।'- হিমন্ত বিশ্ব শৰ্মা

  • Share this:
ৰাজ্যত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। গুৱাহাটী মহানগৰীত কোৰোণাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ ফলত এতিয়া তীব্ৰ আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে। মঙলবাৰৰ দিনটোত কেৱল গুৱাহাটী মহানগৰীতে ৭০০ৰ অধিক লোকৰ দেহত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি।

আনহাতে কোৰোণাৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যত কোৰোণাৰ ভেকচিন নাটনি হৈছে বুলি একাংশই প্ৰচাৰ চলাইছে। এই সকলো কথা অপ্ৰাসংগিক কৰি মন্ত্ৰী শৰ্মাই কয় যে, ‘২কোটি ভেকচিন অৰ্ডাৰ দিম। কালি নিশা ১ কোটি দিছো। ১কোটি কাইলৈ অৰ্ডাৰ দিম। অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬কোটি টকা আছে’। সুত মিলি ১১৮ কোটিৰো অধিক টকা হৈছেগৈ। এই গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰিম। আৰোগ্য নিধিৰ ওপৰিঞ্চি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।'

ইফালে কোৰোণাৰ ভয়াৱহতা দেখি চিন্তাত পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱকসকল। সংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰী শৰ্মাই কয় যে, 'কামৰূপ মহানগৰীত কোৰোণাৰ আক্ৰান্তৰ সংখ্যাই ১ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলেই বন্ধ কৰা হ'ব বিশ্ববিদ্যালয়, স্কুল, কলেজসকলো। ইফালে ২ মে' তাৰিখলৈকে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা নকৰাৰ সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে।'

আনহাতে শেহতীয়াকৈ নিৰ্বাচনৰ সময়ত কোৰোণা ক'লৈ গৈছিল বুলি একাংশই কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে,  'নিৰ্বাচনৰ পূৰ্বে ক’ভিড নাছিল। থাকিলে ক’লো হেতেন।ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা লুকুৱাই ৰাখিব নোৱাৰি। ১০,০০০কৰ্মচাৰীয়ে মোৰ লগত ষড়যন্ত্ৰ নকৰে।'
Published by:Himangshu Bhuyan
First published: