দিল্লী-মুম্বাইৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম, গৃহমন্ত্ৰী অমিত শ্বাহে কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

News18 Assam | News18-Assam
Updated:July 1, 2020, 1:31 PM IST
দিল্লী-মুম্বাইৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম, গৃহমন্ত্ৰী অমিত শ্বাহে কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?
ৰাজ্যত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিবেশ।

ৰাজ্যত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিবেশ।

  • Share this:
ৰাজ্যত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। ক্ৰমাত্‍ জটিল হৈছে গুৱাহাটী মহানগৰীৰ পৰিবেশ। তাৰ মাজতে বুধবাৰে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হাস্পতালখনত মন্ত্ৰী শৰ্মাই মুকলি কৰে এটা মলিকুলাৰ বায়'ল'জী লেবেৰটৰী। ফলত এতিয়া দিনে প্ৰায় ৫০০ কোৰোণা টেষ্ট কৰিব পৰা হ’ব।

তাৰ মাজতে দিল্লী মুম্বাইৰ দৰে এক ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম অগ্ৰসৰ হৈছে বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই লগতে কয় যে, এই কথা ICMRৰ তৰফৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জনাইছে। আৰু অমিত শ্বাহে ফোনযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড৹ শৰ্মাক।

ইফালে চিকিত্‍সক দিৱসৰ শুভেচ্ছা জনাই মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘ ৰাজ্যত কোনো ঔষধৰ নাটনি হোৱা নাই। চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত ঔষধ আছে। ল’ক ডাউনৰ পূৰ্বেই ঔষধ যোগান ধৰিবলৈ কোৱা হৈছিল। এতিয়া ড্ৰাগ ডিলাৰে হেচা দিলেও আমি একো খুলি নিদিও। ড্ৰাগ ডিলাৰে বিষয়টো ৰাজনৈতিক ৰূপ দিয়াত মই দুখ পাইছো। দেওবাৰেহে ৰিভিউ কৰা হ'ব আটাইবোৰ দিশ।’
First published: July 1, 2020, 1:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading