মুখ্যমন্ত্ৰীয়ে ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যখনত প্ৰতিদিনে তিনি লাখ লোকক টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এই কাৰ্যসূচী অভিযান আকাৰে ৰূপায়ণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে ২১ জুনৰ পৰা ৩০ জুনলৈ এই লক্ষ্য বাহাল ৰখাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে ৷ এই বৰ্ধিত টীকাকৰণ অভিযান তদাৰক কৰাৰ বাবে জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু তেওঁলোকৰ সচিবসকলে আগন্তুক সাত দিন সংশ্লিষ্ট জিলাসমূহত বাহৰ পাতি সমগ্ৰ কাম-কাজৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে ৷
২১ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰ উৰ্ধ্বৰ সকলো লোকলৈ বিনামূলীয়া ভেকচিন প্ৰদান কৰিব ৷ সেয়ে ২১ জুনৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত কোনো পৃথক গোট নাথাকিব ৷ ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকে এই টিকা ল’ব পাৰিব ৷
টিকাকৰণ কেন্দ্ৰসমূহত নিয়োজিত টিকা কৰ্মীসকলে পৰিবহণ ব্যয়ৰ নামত প্ৰতিদিনে ১০০ টকাকৈ লাভ কৰাৰ উপৰিও প্ৰয়োজনীয় খাদ্য-সামগ্ৰীও লাভ কৰিব ৷ ৰাজ্যখনত সৰ্বমুঠ ২ হাজাৰটা টিকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা থাকিব ৷
নগৰ অঞ্চলত ২টা পৰ্যায়ত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টীকাকৰণ অব্যাহত থাকিব ৷ আনহাতে গ্ৰামাঞ্চলত ৰাতিপুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ এই কেন্দ্ৰসমূহে সেৱা অব্যাহত ৰাখিব ৷ এই সময়খিনিৰ ভিতৰত কেন্দ্ৰত প্ৰৱেশ কৰা সকলো লোককে টিকাকৰণ কৰা হ’ব ৷
এই অভিযান সফল কৰাৰ বাবে তৃণমূল পৰ্যায়লৈকে জনসচেতনতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে লগতে স্বেচ্ছাসেৱী সংস্থা, সামাজিক সংগঠন তথা ৰাজনৈতিক কৰ্মীসকলকো জনসাধাৰণক টিকা গ্ৰহণৰ দিশত উদ্বুদ্ধ কৰাৰ বাবে আহ্বান জনায় ৷
নিজৰ নিজৰ কৰ্মস্থলীত চৰকাৰী কৰ্মচাৰীসকলে যাতে সোনকালে যোগদান কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দোকানী ইত্যাদিক এই টিকা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায় ৷
চাহ বাগিচাকে ধৰি সকলো অঞ্চল এই ব্যাপক টিকাকৰণ কাৰ্যসূচীৰে সঠিকভাৱে সামৰি লোৱাৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷
দুখীয়া-নিচলা তথা নিৰক্ষৰ জনসাধাৰণক টীকাকৰণৰ পঞ্জীয়নত সহায় কৰাৰ বাবে সকলো টিকাকৰণ কেন্দ্ৰত থিতাতে পঞ্জীয়ন কৰিব পৰা একোগৰাকীকৈ সুনিৰ্দিষ্ট পঞ্জীয়ন কৰ্মী থাকিব বুলিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷