ৰাজ্যত লাখৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই, হ’ব নেকি আকৌ ল’ক ডাউন?

News18 Assam | News18-Assam
Updated:August 28, 2020, 10:49 PM IST
ৰাজ্যত লাখৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই, হ’ব নেকি আকৌ ল’ক ডাউন?
ৰাজ্যত হ্ৰাস পোৱা নাই কোৰোণাৰ প্ৰকোপ। আকৌ ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

ৰাজ্যত হ্ৰাস পোৱা নাই কোৰোণাৰ প্ৰকোপ। আকৌ ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

  • Share this:
ৰাজ্যত হ্ৰাস পোৱা নাই কোৰোণাৰ প্ৰকোপ। আকৌ ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিলে। আজিৰ দিনটোত ৰাজ্যত নতুনকৈ ২,৫৬০ জনৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। ইয়াৰে ভিতৰত সৰ্বাধিক ৫৬২ জন কামৰূপ মহানগৰৰ।

উল্লেখযোগ্য যে, ৰাজ্যত বৰ্তমান ২১,৭৭১ জন সক্ৰিয় কোৰোণাত আক্ৰান্ত ৰোগী চিকিত্‍সাধীন হৈ আছে। সেইদৰে ৭৯,৩০৭ জন ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে। এই পৰ্যন্ত ২৩৬ জনে সাৱটিব লগীয়া হৈছে মৃত্যু।



ইফালে কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত আকৌ বলৱত্‍ হ’ব পাৰে ল’ক ডাউন। ইতিমধ্যে আজি ইয়াৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিলে ৰাজ্যৰ মুখ্য সচিবে।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 10:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading