দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে। যোৰহাটতো লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা।
শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা যোৰহাটৰ সাংসদ তপন গগৈ পুনৰ আক্ৰান্ত হৈছে কোভিড19ত । জানিব পৰা মতে, দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মোদীৰ সৈতে সভাত অংশগ্ৰহণ কৰিবলগীয়া বহু লোকৰ কোভিড19ৰ পৰীক্ষা কৰা হৈছে । এই পৰীক্ষাৰ ফলাফলতে সাংসদগৰাকীৰ শৰীৰত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। কিন্তু সাংসদগৰাকীৰ শৰীৰত নাছিল ৰোগৰ কোনো লক্ষণ। এই ঘটনাৰ পিছৰে পৰা লক্ষণবিহীন ভাবে বহু লোক কোভিড19ত আক্ৰান্ত হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ইতিমধ্যে কোভিড19ৰ ভেকচিন প্ৰদান কৰি থকা হৈছে যদিও ইয়াৰ প্ৰতি জনসাধাৰণৰ সঁহাৰি আশাব্যঞ্জক নহয়। বহুলোক বৰ্তমানো ভেকচিন ল'বলৈ অহা নাই ।ভেকচিনক লৈ বহু উৰাবাতৰি বিয়পি পৰাৰ ফলত একাংশ লোক ভেকচিন লোৱাৰ পৰা বিৰত আছে । জনসাধাৰণে মাস্ক পৰিধান কৰিবলৈ বাদ দিয়াৰ লগতে হাত ধুই থকাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ নোলোৱাৰ ফলত নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এই সংক্ৰমণে অসমত চিন্তনীয় ভাবে মূৰ দাঙি উঠাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
যোৰহাটত বৰ্তমানলৈকে ২২ সহস্ৰাধিক লোকে কোভিড19ৰ ভেকচিন লৈছে বুলি জানিবলৈ দিছে যোৰহাটৰ জিলা প্ৰতিষেধক বিষয়া ডা: মঞ্জুলা হাজৰিকাই। অচিৰেই যোৰহাটৰ গ্ৰাম্যাঞ্চলসমূহ সামৰি বিভিন্ন অঞ্চলত ব্যাপক ৰূপত ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰা হ'ব বুলি জিলা প্ৰতিষেধক বিষয়াগৰাকীয়ে জানিবলৈ দিছে । কিন্তু ৰাইজ সজাগ-সচেতন নহ'লে অচিৰেই কোৰোণা ভাইৰাছৰ সংক্ৰমণে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|