
আমিনুল ইছলামৰ উচতনিমূলক মন্তব্যৰ পিছতে উভতি ধৰিছে ডা০ নোমল মমিনে
আমিনুল ইছলামৰ উচতনিমূলক মন্তব্যৰ পিছতে উভতি ধৰিছে ডা০ নোমল মমিনে
বিজেপি বিধায়ক ডাঃ নোমল মমিনে উভতি ধৰিলে AIUDFৰ বিধায়ক আমিনুল ইছলামক ৷ বিজেপিৰ বিধায়কগৰাকীয়ে কয় যে, ‘বিধায়ক আমিনুলে নিজামুদ্দিনৰ পৰা আহি অসমৰ চুকে কোণে লুকাই থকা লোকসকলক চিকিৎসালয়ৰ ওচৰ চাপিবলৈ অনুৰোধহে জনাব লাগিছিল ৷ তাৰ সলনি তেওঁ ৰাইজক বিভ্ৰান্তহে কৰিলে ৷ এয়া দুৰ্ভাগ্যজনক কাৰ্য ৷’
লগতে ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ জনাই বিধায়ক ডাঃ মমিনে ক'লে, “আধা সিজা খাদ্য নাখাব ৷ আধা ঘণ্টাৰ মূৰে মূৰে হাত ধুৱক ৷ হাত বিশ ছেকেণ্ডতকৈ অধিক সময় ধুৱক ৷ কিমান দিনলৈ লক ডাউন চলিব তাৰ ঠিক নাই ৷ এইক্ষেত্ৰত চৰকাৰে যি নিৰ্দেশনা দিয়ে ৰাইজে তাক পালন কৰক ৷ এয়া কঠিন সময়, চৰকাৰক সহায় কৰক”।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|