চাহ বাগিচা অঞ্চলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুকীয়াকৈ জাৰি কৰা হৈছে এছ অ পি ।
চাহ বাগিচা অঞ্চলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুকীয়াকৈ জাৰি কৰা হৈছে এছ অ পি ।
চাহ বাগিচাৰ ভিতৰত কোভিড19 সংক্ৰমণ বৃদ্ধি পালে ইয়াৰ বিৰূপ প্ৰভাৱ ৰাজ্যৰ স্বাস্থ্য খণ্ডত ভয়ংকৰ ভাৱে পৰাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰি নিউজ18 ত চৰজমিন প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰিছে যাৱতীয় পদক্ষেপ । চাহ বাগিচা অঞ্চলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুকীয়াকৈ জাৰি কৰা হৈছে এছ অ পি । কিন্তু এছ অ পি জাৰি কৰিলেও চাহ বাগিচা অঞ্চলত দেখা দিয়া জটিলতা উপলব্ধি কৰি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আটচাই । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ।
শনিবাৰে যোৰহাটলৈ আহি কোভিড19 পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই। যোৰহাট জিলা প্ৰশাসন , স্বাস্থ্য বিভাগ তথা অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ জিলাখনৰ কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। এই আলোচনাত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচাকে ধৰি বিধায়ক ৰূপজ্যোতি কুৰ্মী , ভাস্কৰ বৰুৱা , ভৱেন ভৰালী আৰু ৰেণুপমা ৰাজখোৱা। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰি ৰাইজক এছ অ পি কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনায়। শেহতীয়া কভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাওতে স্বাস্থ্য বিভাগ , জিলা প্ৰশাসন আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে চাহ বাগিচা অঞ্চলত কোভিডৰ সংক্ৰমণ বৃদ্ধি পালে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰি শেহতীয়াকৈ চৰকাৰে দিয়া নিৰ্দেশনাসমূহ চাহ বাগিচা অঞ্চলত ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|