দৰমহা দিয়াৰ পূৰ্বেই কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত বিভাগৰ মুৰব্বীয়ে জনাব লাগিব চৰকাৰক।
দৰমহা দিয়াৰ পূৰ্বেই কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত বিভাগৰ মুৰব্বীয়ে জনাব লাগিব চৰকাৰক।
বৰ্তমান সমগ্ৰ দেশতে চলি আছে কোৰোণাৰ টিকাকৰণ অভিযান। ইতিমধ্যে ৰাজ্য চৰকাৰেও কোৰোণাৰ টিকা গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তেনে সময়তে বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চলিত মাহৰ অর্থাৎ জুন মাহৰ দৰমহা লাভৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ল'ব লাগিব কোৰোণাৰ প্ৰতিষেধক। অন্যথা দৰমহা লাভৰ ক্ষেত্ৰতো কৰ্মচাৰীসকল সমস্যাৰ সন্মুখীন হ'ব পাৰে।
সেইদৰে দৰমহা দিয়াৰ পূৰ্বেই কৰ্মচাৰীসকলে ভেকচিন গ্ৰহণ কৰিছে নে নাই সেই সন্দৰ্ভত বিভাগৰ মুৰব্বীয়ে জনাব লাগিব চৰকাৰক। চলিত মাহৰ পৰাই প্ৰযোজ্য হ’ব এই নিয়ম। উল্লেখ্য যে, যিসকল কৰ্মাচাৰীয়ে এটা ডোজ ভেকচিন গ্ৰহণ কৰিছে বা যিসকলে এটা ডজো ভেকচিন লোৱা নাই, সেই সন্দৰ্ভত চৰকাৰ অৱগত হ'বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে, বহু চৰকাৰী ফ্ৰণ্টলাইন কৰ্মচাৰীয়ে এতিয়াও ভেকচিন লোৱা নাই। আনকি COWIN পৰ্টেলটোতো নিজৰ নাম পঞ্জীয়ন কৰা নাই। আৰু ভেকচিন নোলোৱা কৰ্মচাৰীসকলৰ পৰাই কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|