Coronavirus Vaccination Drive- আজিৰ পৰা দেশত আৰম্ভ কোৰোণাৰ বিৰুদ্ধে মহা অভিযান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিব ভেকচিনেশ্যন প্ৰক্ৰিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিব ভেকচিনেশ্যন প্ৰক্ৰিয়া
- News18 Assam
- Last Updated: January 16, 2021, 9:10 AM IST
অসমতো কোৰোণাৰ ভেকচিন প্ৰদানৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। দিনৰ ১০.৩০ বজাত প্ৰথম ভেকচিন ল'ব ৰাজ্যৰ ১২ জন বিশিষ্ট চিকিৎসকে। অসমত প্ৰথম ভেকচিন ল'ব ডাঃ উমেশ চন্দ্ৰ শৰ্মাই ৷ দ্বিতীয় ভেকচিন ল'ব ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ তৃতীয় ভেকচিন ল'ব পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে।
ভেকচিন গ্ৰহণৰ প্ৰক্ৰিয়া
আজি তিনি কোটি মানুহক ভেকচিন দিয়া হ'ব ৷ মুঠ ৩০ কোটি প্ৰথম পৰ্যায়ত দিয়া হ'ব।অসমত কোৰোণা যুদ্ধাক প্ৰথম পৰ্যায়ত ভেকচিন দিয়া হ'ব। চিকিৎসক, নাৰ্ছ, এম্বুলেন্সৰ চালক আদিক কোৰোণা যুদ্ধা হিচাপে ধৰা হৈছে। আনহাতে দ্বিতীয় পৰ্যায়ত ফ্ৰণ্টলাইনত কাম কৰা সকলক ভেকচিন দিয়া হ'ব ৷ আৰক্ষী, CRPF আদি ইয়াৰ আওঁতাত পৰে। তৃতীয় পৰ্যায়ত বাকীসকলক দিয়া হ'ব।