কভাক্সিনৰ দ্বিতীয় পালি শেষ নোহোৱাৰ বাবে খেলিমেলিৰ আশংকাত চিকিৎসালয়খনত আৰম্ভ কৰিব পৰা নাই কভিশ্বিল্ডৰ প্ৰথম ডোজ ভেকচিন প্ৰদান প্ৰক্ৰিয়া।
কভাক্সিনৰ দ্বিতীয় পালি শেষ নোহোৱাৰ বাবে খেলিমেলিৰ আশংকাত চিকিৎসালয়খনত আৰম্ভ কৰিব পৰা নাই কভিশ্বিল্ডৰ প্ৰথম ডোজ ভেকচিন প্ৰদান প্ৰক্ৰিয়া।
যিসময়ত ৰাজ্যত ভেকচিনৰ নাটনিয়ে জনসাধাৰণক ক্ষোভিত কৰি তুলিছে, ঠিক তেনে সময়তে ৰঙিয়াত পৰিলক্ষিত হৈছে এক ওলোটা ছবি । টিকা ল'বলৈ মানুহ নহাত বিমোৰত পৰিছে চিকিৎসা কৰ্মীসকল। পুৱাই ভেকচিনৰ যাৱতীয় সামগ্ৰী লৈ চিকিৎসা কৰ্মীসকলে আবেলিলৈকে অপেক্ষা কৰিবলগীয়া হৈছে ৰাইজৰ। বিগত প্ৰায় এসপ্তাহ ধৰি এই দৃশ্য সুলভ হৈ পৰিছে ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত।
চিকিৎসালয়খনত যোৱা কেইমাহ কভাক্সিন ভেকচিন প্ৰদান কৰা হৈছিল। কভাক্সিন ভেকচিন লব'লৈ নিশা তিনি বজাৰ পৰা শাৰী পাতি ৰৈ আছিল সহস্ৰাধিক লোক। মাজে-সময়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰিবলগীয়া হৈছিল আৰক্ষী- অৰ্ধ সামৰিক বাহিনী। কিন্তু চিকিৎসালয়খনত এতিয়া বিপৰীত দৃশ্য। কভাক্সিন ভেকচিনৰ দ্বিতীয় ডোজ ল'বলৈ এতিয়া অহা নাই মানুহ। প্ৰায় পাঁচ শতাধিক লোকে ল'বলৈ আছে কোভাক্সিনৰ দ্বিতীয় ডোজ। যাৰ ফলত সমস্যাত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ।
কভাক্সিনৰ দ্বিতীয় পালি শেষ নোহোৱাৰ বাবে খেলিমেলিৰ আশংকাত চিকিৎসালয়খনত আৰম্ভ কৰিব পৰা নাই কভিশ্বিল্ডৰ প্ৰথম ডোজ ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ফলত হাস্পতাল কৰ্তৃপক্ষই ৰাইজক ভেকচিন গ্ৰহণ কৰি কোৰোণাৰ পৰা ৰক্ষা পাবলৈ অনুৰোধ জনাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|