দেশত আৰম্ভ হৈছে কোৰোণা ভেকচিনৰ তৃতীয় পালি (Corona Vaccine Third Dose) প্ৰদানৰ প্ৰক্ৰিয়া। শোহতীয়াকৈ কোভিড১৯ (Covid19)ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দিয়া হৈছে বুষ্টাৰ ড'জ (Booster Dose)। ইয়াৰ মাজততে অসমত আৰম্ভ হৈছে ভোগালী বিহু (Bhogali Bihu)ৰ প্ৰস্তুতি। কেইবাদিন আগৰে পৰা ৰাজ্যৰ বিভইন্ন প্ৰান্তত মেজি আৰু ভেলাঘৰ (Bhelaghar) সজাৰ কাম আৰম্ভ হৈছে। এইবাৰ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে ৰাইজৰ মাজত কোভিডৰ সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে একাংশ লোকে। ভেকচিনেই যে কোৰোণা ভাইৰাছ (Corona Virus)ৰ বিৰুদ্ধে য়ুদ্ধত জয়ৰ একমাত্ৰ অমোঘ অস্ত্ৰ সেই বাৰ্তা দিয়েই ভেকচিন প্ৰক্ৰিয়াৰ আৰ্হিতো সজা হৈছে ভেলাঘৰ।
নগাওঁ (Nagaon) জিলাৰ ৰহাৰ আমনিশালীত শিল্পী ভগৱান সেনাপতিৰ উদ্যোগত সাজি উলিওৱা হৈছে এই আকৰ্ষণীয় ভেকচিন কাৰ্যসূচীৰ আৰ্হিৰ ভেলাঘৰ। শিল্পী সেনাপতিৰ নিপুণ হাতৰ পৰশত জীৱন্ত হৈ উঠিছে কোৰোণাৰ ভেকচিন দি থকা প্ৰক্ৰিয়াটো। লগতে কোৰোণাৰ বিৰুদ্ধে ভেকচিনেই যে একমাত্ৰ প্ৰতিৰোধ সেই ছবিও প্ৰাণ পাই উঠিছে।
কোভিড সজাগতাৰ লক্ষ্যৰেই ৰহাৰ আমনিশালীত নিৰ্মাণ কৰা হৈছে এই দৃষ্টি নন্দন ভেলাঘৰটো। ভেকচিন ল'লেহে কোৰোণা হাৰিব দেশ জিকিব- এনে এক বাৰ্তা দিয়াৰ লক্ষ্যৰেই শিল্পীগৰাকীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি সম্পূৰ্ণ একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এই ভেলাঘৰটো।
ভেলাঘৰটোত আছে পৃথিৱী সদৃশ এটা গোলক, ভাৰতবৰ্ষৰ এখন মানচিত্ৰ, কোৰোণা ভেকচিন, ডাক্তৰ, চাফাইকৰ্মী, প্ৰশাসনিক বিষয়া আদি। এই ভেলাঘৰটো এতিয়া ৰাজ্যবাসীৰ বাবে এক কৌতুহলৰ বিষয়ো হৈ পৰিছে। সঁচাকৈ- এইবাৰ যেন মেজিৰ জুইতেই জাহ যায় কোৰোণাৰ ত্ৰাস! (ফটো- FB/Manoj Deka)
Published by: Manjumoni Borah
FIRST PUBLISHED : January 10, 2022, 15:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।