সোমবাৰৰ পৰা বিদ্যালয়ে বিদ্যালয়ে ভেকচিন (Corona Vaccine) প্ৰদান কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ বিদ্যালয় মহাবিদ্যালয়ৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য বিভাগে প্ৰদান কৰিব ভেকচিন ! ৭ দিনত ২০ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগৰ ৷
জিলাভিক্তিত উপাযুক্তসকলে দৈনিক প্ৰদান কৰিব ভেকচিন ৷ ৭ দিনৰ ভিতৰত ১৫ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলক ভেকচিন প্ৰদান কাৰ্য্য সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দুলীয়াজানত আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই গুৱাহাটীত শুভাৰম্ভ কৰিব এই ভেকচিন প্ৰদান অনুষ্ঠানৰ ৷ চৰকাৰী-বেচৰকাৰী কোনো এগৰাকী শিক্ষাৰ্থী যাতে ভেকচিন লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি বিশেষ লক্ষ্য থাকিব স্বাস্থ্য বিভাগৰ ৷
ইপিনে বিদ্যালয়ৰ বাহিৰত থকা ১৫ বছৰৰ উৰ্ধৰ যুৱক-যুৱতীক পূৰ্বৰ কেন্দ্ৰসমূহত ৩ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ'ব ভেকচিন ৷
উল্লেখ্য যে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰাকক্ষণত দ্বিতীয় পালি ভেকচিন সম্পন্ন কৰাৰ কঠোৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : January 02, 2022, 18:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।