உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বান আৰু কোৰোণাত বিধ্বস্ত শাওন, দৰ্শনাৰ্থীৰ অভাৱত খাদ্য সংকটত দৌল-দেৱালয়ৰ জীৱ–জন্তু

    বান আৰু কোৰোণাত বিধ্বস্ত শাওন, দৰ্শনাৰ্থীৰ অভাৱত খাদ্য সংকটত দৌল-দেৱালয়ৰ জীৱ–জন্তু

    দীৰ্ঘদিন দেৱালয়ৰ দুৱাৰ বন্ধ হৈ থকাত সমস্যাত পৰিছে পূজাৰীসকলো। তেওঁলোকে অৱগত কৰা অনুসৰি - ৰাইজৰ দান-দক্ষিণাই তেওঁলোকৰ জীৱন-জীৱিকাৰ একমাত্ৰ সমল যদিও চাৰিমাহে বন্ধ হৈ থকাত এতিয়া দুৰ্যোগ নামি আহিছে।

    • Share this:
    পৱিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰ পাৰ হ’ল। হিন্দু সমাজত শাওন মাহত দেৱাদিদেৱ মহাদেৱৰ জন্ম হৈছিল বুলি এক বিশ্বাস আছে। সেই লৈ অসমীয়া লেখেৰে শাওন মাহ পৱিত্ৰ মাহ হিচাপে আজিও বিশ্বাস কৰি আহিছে সকলোৱে। এই পৱিত্ৰ মাহত দৌল- দেৱালয়, মন্দিৰত  শিৱ-শংকৰক পুজা অৰ্চনা কৰিলে মনোকামনা পুৰ্ন হয় বুলিও বিশ্বাস আছে।কিন্তু এইবাৰ কোৰোণা বিভীষিকাই যেন ঈশ্বৰক উপাসনা কৰাৰ পৰাও বঞ্চিত কৰিলে ভক্তসকলক।
    বিগত বছৰসমুহত শাওন মাহত হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত হৈ থকা যোৰহাটৰ ঐতিহাসিক হাতীগড় দেৱালয়লত এইবাৰ নিমাওমাও পৰিবেশ। দেশত বিভীষিকাৰ সৃষ্টি কৰা কোৰোণা মহামাৰীয়ে যাতে মন্দিৰ স্পৰ্শ কৰিব নোৱাৰে, তাৰ বাবে চাৰি মাহ পুৰ্বেই মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল দৰ্শনাৰ্থীৰ বাবে।
    এই সময়ছোৱাত কেৱল নিত্য-নৈমিত্তিক পূজাভাগহে সমাপন কৰি আহিছে পূজাৰীয়ে। শাওন মাহ বুলি  দুই-এজন ভক্তৰ আগমণ ঘটিছে যদিও আদবাটতেই ওভোতাই পঠিয়াইছে মন্দিৰ কৰ্তৃপক্ষই। ইপিনে দীৰ্ঘদিন দেৱালয়ৰ দুৱাৰ বন্ধ হৈ থকাত সমস্যাত পৰিছে পূজাৰীসকলো। তেওঁলোকে অৱগত কৰা অনুসৰি - ৰাইজৰ দান-দক্ষিণাই তেওঁলোকৰ জীৱন-জীৱিকাৰ একমাত্ৰ সমল যদিও চাৰিমাহে বন্ধ হৈ থকাত এতিয়া দুৰ্যোগ নামি আহিছে।

    অকল সেয়াই নহয়, দীৰ্ঘদিন মন্দিৰৰ দুৱাৰ বন্ধ হৈ থকাৰ বাবেই চৰম খাদ্য সংকটত পৰিছে দেৱালয়ৰ ২৩৬ বছৰ পুৰণি পুখৰীটোত সংৰক্ষিত শ বছৰীয়া বৰকাছৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড মাছসমুহ। খাদ্য বিচাৰি হাহাকাৰ কৰিছে মাছসমুহে।মন্দিৰ কৰ্তৃপক্ষই অৱগত কৰা অনুসৰি- মন্দিৰত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰি থোৱাত প্ৰয়োজন অনুসৰি সিহঁতক খাদ্য যোগান ধৰিব পৰা নাই।

    যাৰফলত বহু পাৰ চৰাই মন্দিৰৰ পৰা অন্তৰ্ধান হোৱাৰ লগতে খাদ্যৰ অভাৱত দুই-এটা কাছ মৃত্যুমুখতো পৰিছে। উল্লেখ্য যে যোৰহাটৰ হাতীগড় দেৱালয় মাথো উদাহৰণহে। কোৰোণা বিভীষিকাৰ বাবে ৰাজ্যৰ বহু দৌল -দেৱালয়, মন্দিৰত আশ্ৰয়াধীন জীৱকুল এতিয়া চৰম খাদ্য সংকটত।
    First published: