• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিডৰ তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ, স্বাস্থ্য বিভাগৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোভিডৰ তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ, স্বাস্থ্য বিভাগৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোন হাস্পতালত কিমান অক্সিজেন প্ৰয়োজন, কিমান বেড ৰোগীৰ বাবে প্ৰয়োজন, এই সকলোবোৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোন হাস্পতালত কিমান অক্সিজেন প্ৰয়োজন, কিমান বেড ৰোগীৰ বাবে প্ৰয়োজন, এই সকলোবোৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

কোন হাস্পতালত কিমান অক্সিজেন প্ৰয়োজন, কিমান বেড ৰোগীৰ বাবে প্ৰয়োজন, এই সকলোবোৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোভিড (Covid 19) সংক্ৰমণৰ সংখ্যা। কিন্তু, এতিয়াও আঁতৰা নাই বিপদ। প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত ছেপ্টেম্বৰ বা অক্টোবৰ মাহত অহাৰ সম্ভাৱনা আছে কোভিডৰ তৃতীয় ঢৌ (Covid Third Wave)। যাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে।

তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৰ সৈতে দেওবাৰে নিশা বৈঠকত মিলিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta) আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল। ৰাজ্যৰ হাস্পতালসমূহত তৃতীয় ঢৌৰ বাবে প্ৰয়োজনীয় সমগ্ৰী মজুত থকাৰ সম্পৰ্কত বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কোন হাস্পতালত কিমান অক্সিজেন প্ৰয়োজন, কিমান বেড ৰোগীৰ বাবে প্ৰয়োজন, এই সকলোবোৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

স্বাস্থ্য বিভাগে কোভিডৰ তৃতীয় ঢৌৰ পূৰ্বে গুৱাহাটীৰ গুৱাহাটীৰ DRDOৰ দুখন চিকিৎসালয়ৰ কাম সম্পন্ন কৰি তুলিছে। ইতিমধ্যে সম্পন্ন হৈছে GMCHৰ পাৰ্কিঙৰ চিকিৎসালয়ৰ কাম। পূৰ্ণোদ্যমে চলি আছে সৰুসজাইৰ কাম। ১০ জুনত কোভিড ৰোগীৰ বাবে মুকলি কৰি দিয়া হ’ব সৰুসজাই চিকিৎসালয়। দুখন চিকিৎসালয় মুকলি হোৱাৰ পিছত লাহে লাহে এম এম চি এইচ আৰু আন আন চিকিৎসালয়সমূহ মুকলি কৰি দিয়া হ’ব সাধাৰণ ৰাইজৰ বাবে।

উল্লেখযোগ্য যে অসমত ভেকচিন (Covid Vaccine)ৰ নাটনি শীঘ্ৰে দূৰ হ’ব বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইফালে ব্যক্তিগত চিকিৎসালয়ৰ নিৰ্দেশনাৰ ক্ষেত্ৰত তেওঁ কয় যে ব্যক্তিগত চিকিৎসালয় সম্পৰ্কে যিদিনাই নিৰ্দেশনা দিয়া হৈছে তেতিয়াৰ পৰাই প্ৰযোজ্য হৈছে, পূৰ্বৰ পৰা ভৰ্তি হৈ থকা ৰোগীৰ মাছুল সম্পৰ্কে চিকিৎসালয়ে নিজে বিবেচনা কৰিব, তেনে কোনো নিৰ্দেশনা চৰকাৰে দিয়া নাই।'
Published by:Sanjay Kumar Das
First published: