কোৰোণাত আক্ৰান্ত নেকি ম্যানমাৰে গটাই দিয়া দহ NDFB-S আৰু KLO?

News18 Assam | News18-Assam
Updated:May 23, 2020, 9:26 AM IST
কোৰোণাত আক্ৰান্ত নেকি ম্যানমাৰে গটাই দিয়া দহ NDFB-S আৰু KLO?
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দহ বিদ্ৰোহীক নমোৱাৰ সময়তে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিছিল পোন্ধৰ মে'ৰ দিনা৷

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দহ বিদ্ৰোহীক নমোৱাৰ সময়তে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিছিল পোন্ধৰ মে'ৰ দিনা৷

  • Share this:
বিগত ১৫ মে'ত ম্যানমাৰে ভাৰত চৰকাৰৰ হাতত গটাই দিয়া অসমৰ ১০ বিদ্ৰোহী নেতা-কেডাৰ কোৰোণা মহামাৰীত আক্ৰান্ত হৈছে নেকি? নে ম্যানমাৰে ভাৰতৰ হাতত গতাই দিয়াৰ পূৰ্বে কোৰোণাত আক্ৰান্ত হৈছিল? এই প্ৰশ্নৰ উত্তৰ এই মূহূৰ্তত নাই অসম আৰক্ষীৰ হাতত৷ কিয়নো এই পৰ্যন্ত অহা নাই নমুনা পৰীক্ষাৰ প্ৰতিবেদন৷

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দহ বিদ্ৰোহীক নমোৱাৰ সময়তে চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিছিল পোন্ধৰ মে'ৰ দিনা৷ আৰু সেই দিনাই আটাইকেইজন বিদ্ৰোহীৰ নমুনা সংগ্ৰহ কৰাও হৈছিল৷ এই কথা সদৰি কৰি আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনায় যে শুকুৰবাৰ পৰ্যন্ত নমুনাৰ প্ৰতিবেদন অহা নাই৷ সেয়ে জানিব পৰা হোৱা নাই ম্যানমাৰে গতাই দিয়া বিদ্ৰোহী দহজন কোৰোণাত আক্ৰান্ত নে কোৰোণাৰ পৰা মুক্ত৷

উল্লেখযোগ্য যে পোন্ধৰ মে'ত ম্যানমাৰে ভাৰতক মুঠ ২২জন বিদ্ৰোহী গতাই দিছিল আৰু ইয়াৰে দহজন আছিল অসমৰ৷ NDFB-Sৰ পাঁচজন আৰু পাঁচজন KLOৰ৷ NDFB-Sৰ কেইজন ক্ৰমে গৃহ সচিব ডি ৰেৱগন ওৰফে ৰাজেন দৈমাৰী, ছাণ্টছাই ওৰফে ছানচুমা বসুমতী, কেপ্তেইন গামছা ওৰফে গৰ্গৰাম বসুমতী, ব্ৰাম্মু ছাৰ্জিচুলা ওৰফে সুৰয ব্ৰহ্ম আৰু শুকুৰাম ব্ৰহ্ম৷ ম্যানমাৰে গতাই দিয়া KLOৰ সদস্যকেইজন হ'ল ক্ৰমে- টাইগাৰ কোচ ওৰফে ভজন বৰ্মন, বিশ্ব সিংহ কোচ ওৰফে বিষ্ণু ৰয়, মংগল কোচ ওৰফে জিতেন্দ্ৰ ৰয়, বাহাদুৰ ওৰফে ধন ৰয় আৰু চিলুকাৰ ওৰফে শংকৰ দেৱ বৰ্মন৷

১৫ মে'ত প্ৰথমটো বন্দী প্ৰত্যৰ্পণৰ কাৰ্য সম্পন্ন হৈছিল ভাৰত আৰু ম্যানমাৰৰ মাজত৷ ম্যানমাৰৰ খামতি আৰু হোমালিন জে’লত বন্দী হৈ আছিল বিদ্ৰোহীকেইজন৷

KLO আৰু NDFB-Sৰ লগতে মণিপুৰৰ আন বাৰজন UNLF, KYKL আৰু PrePak (Pro)ৰ সদস্যকো একেলগে শুকুৰবাৰে হস্তান্তৰ কৰিছিল ম্যানমাৰৰ সেনাই৷

ম্যানমাৰ সেনাই বিগত বৰ্ষৰ ২৯ জানুৱাৰীৰ পৰা NSCN-K আৰু সকলো ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান৷ অভিযানত সকলো বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য শিবিৰ উৎখাত কৰিছিল৷ এই অভিযানৰ মাজতে এইসকল ভাৰতীয় মূলৰ বিদ্ৰোহীক আটক কৰি ম্যানমাৰ সেনাই ম্যানমাৰ আৰক্ষীক চমজাই দিয়াত কাৰাগাৰত বন্দী হৈ আছিল৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading