আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্ট সমূহত আৰম্ভ কোৰোণা পৰীক্ষা, জিমৰ মালিকসকলকো জনালে বিশেষ আহ্বান

News18 Assam | News18-Assam
Updated:August 2, 2020, 12:50 PM IST
আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্ট সমূহত আৰম্ভ কোৰোণা পৰীক্ষা, জিমৰ মালিকসকলকো জনালে বিশেষ আহ্বান
১০ আগষ্টলৈকে ৰাজ্যত ১ লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধিছে স্বাস্থ্য বিভাগে। 

১০ আগষ্টলৈকে ৰাজ্যত ১ লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধিছে স্বাস্থ্য বিভাগে। 

  • Share this:
গুৱাহাটীত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্ট সমূহত আৰম্ভ হৈছে কোৰোণাৰ পৰীক্ষা। গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা কৰিছে জিলা প্রশাসনৰ। ১০ আগষ্টলৈকে ৰাজ্যত ১ লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধিছে স্বাস্থ্য বিভাগে।

ইফালে অহা সোমবাৰৰ পৰা গুৱাহাটীত খোলিব জিম সমূহ। তাৰ পৰিৱৰ্তে জিলা প্ৰশাসনে জিমৰ স্বত্বাধীকাৰীসকলৰ বাবে জনাইছে বিশেষ আহ্বান। জিম খোলাৰ পূৰ্বে জিমৰ মালিকসকলক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে। যিহেতু জিম খোলাৰ লগে লগে ইজনে আনজনৰ সংস্পৰ্শলৈ আহিব, গতিকে কোৰোণা সংক্ৰমণৰ হোৱাৰ সন্দেহত এই ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

আনহাতে কাইলৈৰ পৰা প্ৰযোজ্য হোৱাকৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইড লাইন। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্ট সন্ধিয়া ৭ বজালৈকে পালন কৰিব লাগিব এই সমূহ নীতি-নিৰ্দেশনা।

কি কি আছে গাইডলাইনতঃ




    • সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল। কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালেহে খুলিব পাৰিব। উদাহৰণ স্বৰূপে, সোমবাৰে যদি পথৰ বাওঁফালে খোলে, তেন্তে মঙলবাৰে খুলিব পথৰ সোঁফালে।

    • শণিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব। কিন্তু সামাজিক দুৰত্ব পালন কৰাটো বাধ্যতামূলক।

    • প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ ব্যৱস্থা।

    • গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব।

    • চিনেমা হল, পাৰ্ক, থিয়েটাৰ,  বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।

    • সামাজিক , ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।

    • শণিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোকে চলা-ফুৰা কৰিব নোৱাৰিব।

    • ইয়াৰ উপৰিও ইয়াৰ আগৰ নিৰ্দেশনাত যিখিনি শিথিলতা প্ৰদান কৰা হৈছিল, তাৰ সুবিধা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ল’ব পাৰিব।



Published by: Himangshu Bhuyan
First published: August 2, 2020, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading