• Home
  • »
  • News
  • »
  • assam
  • »
  • হাতত কোৰোণা পজিটিভ ৰিপৰ্ট লৈ JMCHৰ বহিঃ বিভাগত ঘূৰি ফুৰিছে ৰোগী! সমগ্ৰ দৃশ্য ভিডিও কৰাৰ বাবেই নিলম্বিত হ'ল ৰেডিওলজী বিভাগৰ কৰ্মচাৰী

হাতত কোৰোণা পজিটিভ ৰিপৰ্ট লৈ JMCHৰ বহিঃ বিভাগত ঘূৰি ফুৰিছে ৰোগী! সমগ্ৰ দৃশ্য ভিডিও কৰাৰ বাবেই নিলম্বিত হ'ল ৰেডিওলজী বিভাগৰ কৰ্মচাৰী

নিজৰ দুৰ্বলতা ঢাকিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্তৃপক্ষই নিলম্বিত কৰিছে JMCHৰ কৰ্মচাৰী জিগৰ হুছেইনক।

নিজৰ দুৰ্বলতা ঢাকিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্তৃপক্ষই নিলম্বিত কৰিছে JMCHৰ কৰ্মচাৰী জিগৰ হুছেইনক।

নিজৰ দুৰ্বলতা ঢাকিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্তৃপক্ষই নিলম্বিত কৰিছে JMCHৰ কৰ্মচাৰী জিগৰ হুছেইনক।

  • Share this:
নিজৰ দুৰ্বলতা ঢাকিবলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্তৃপক্ষই নিলম্বিত কৰিছে JMCHৰ কৰ্মচাৰী জিগৰ হুছেইনক। দুদিন পূৰ্বে JMCHৰ অপিডিত হাতত কোৰোণা পজিটিভৰ ৰিপৰ্ট লৈ ঘুৰি ফুৰিছিল এজন ব্যক্তি। অপিডি বিল্ডিঙৰ এটা বিভাগৰ কাউণ্টাৰত নিজৰ নাম লিখাবলৈ শাৰী পাতিছিলহি ব্যক্তিগৰাকীয়ে। এই ঘটনাত আচৰিত হৈছিল সেই সময়ত কৰ্তব্যত থকা কৰ্মচাৰীসকল। কাৰণ ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল JMCHৰ অপিডিত।

এইবাৰ এই ব্যক্তিগৰাকীৰ এটা ভিডিও ৰেকৰ্ড কৰি কৰ্তৃপক্ষক বিষয়টো জনোৱাৰ লগতে JMCHৰ কৰ্মচাৰীসকলৰ ৱাটছ এপ গ্ৰুপত আপলড কৰিছিল জিগৰ হুছেইন নামৰ কৰ্মচাৰীগৰাকীয়ে। পৰৱৰ্তীসময়ত এই ঘটনাৰ বিষয়ে প্ৰকাশ পায় সংবাদ মাধ্যমত। তাৰ পিছতে কৰ্মচাৰীগৰাকীৰ ওপৰত খৰ্গহস্ত হৈ পৰে JMCH কৰ্তৃপক্ষ। চিকিৎসা মহাবিদ্যালয়খনৰ সুনাম নষ্ট কৰা তথা কৰ্মচাৰী আৰু ৰোগীৰ মাজত অপপ্ৰচাৰ চলোৱাৰ অভিযোগত কৰ্তৃপক্ষই নিলম্বন কৰে ৰেডিঅ'লজি বিভাগৰ কৰ্মচাৰী জিগৰ হুছেইনক। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে JMCH ৰ ভিতৰচঁৰাত। নিলম্বিত কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, কোভিড পজিটিভ ৰোগী এনেদৰে কেইবাবাৰো অপিডি বিল্ডিঙত সাধাৰণ লোকৰ দৰে ঘুৰি ফুৰা ঘটনা তেওঁলোকে প্ৰত্যক্ষ কৰি কৰ্তৃপক্ষক অৱগত কৰিছিল । সতীৰ্থ কৰ্মচাৰীসকলক সজাগ কৰাৰ বাবেহে তেওঁ এই ভিডিঅ'টো তেওঁলোকৰ কৰ্মচাৰীসকলৰ গ্ৰুপত দিছিল বুলি জানিবলৈ দিয়ে জিগৰ হুছেইনে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি