ভয়াৱহ! কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা যুৱকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। যোৱা ২১ মে’ তাৰিখে বন্ধুৰ সৈতে পশ্চিমবংগৰ পৰা আহি সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল দৰং জিলাৰ খাৰুপেটীয়াৰ আমিনুল ইছলাম নামৰ এজন যুৱক। কিন্তু ২২ মে’ত যুৱকজনৰ নমুনা সংগ্ৰহ কৰাৰ পিছতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰে আমিনুল ইছলাম সহ চাৰিজন যুৱক।
মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ ৰিৰ্পট অহাৰ পিছত আমিনুল ইছলামৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছ। পিছত আমিনুল ইছলাম সহ ৪ যুৱক পলায়ন কৰা ঘটনা পোহৰলৈ অহাত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশত দৰং জিলা প্ৰশাসনে মঙলবাৰে যুৱকজনক ঘৰৰ পৰা আটক কৰি আনি মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
এই সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই সংবাদ মাধ্যমক জনাই যে, আমিনুল ইছলামক ঘৰৰ পৰা আৰক্ষী, চিকিৎসকৰ সহায়ত এম্বুলেঞ্চৰ জৰিয়তে আটক কৰি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে। আমিনুলৰ লগতে তেওঁৰ পৰিয়ালকো আছুতীয়াকৈ এতিয়া ৰখা হৈছে।
আনহাতে একেদিনাই সৰুসজাইৰ পৰা পলায়ন কৰা আন ৪ জন যুৱক হৈছে বড়িগাঁৱৰ তফিকুল ইছলাম, তৰিকুল ইছলাম, চিকনমাটি গাওঁৰ জুমৰ আলি আৰু বাঘৰমাৰি আক্ৰামূল হক। ইতিমধ্যে এই ঘটনাক লৈ সমগ্র জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। পলায়ন কৰা চাৰি যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ আনিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|