শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক।
দেশত প্ৰৱেশ কৰিলে কোভিডৰ শক্তিশালী অ'মিক্ৰণ ভেৰিয়েণ্টে। ইতিমধ্যে কৰ্ণাটকত দুজন লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণ। অ'মিক্ৰণ ভেৰিয়েণ্টকলৈ এতিয়া অধিক সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। বাতিল কৰিছে আন্তৰ্জাতিক বিমান সেৱা।
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকতো অ'মিক্ৰণ ভেৰিয়েণ্টেকলৈ বিশেষভাবে আলোচনা কৰা হয়। সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই ৰাখিবলৈ শীঘ্ৰে ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP। এই কথা সংবাদমেল যোগে জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
কেশৱ মহন্তই কয় যে, 'ভাৰতত দুটা কেচ পোৱা গৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই এখন SOP প্ৰকাশ হ'ব। ইতিমধ্যেই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা কৰা হৈছে। কেবিনেটত এই সন্দৰ্ভত কিছু কথা আলোচনা কৰা হৈছে। পুনে আৰু কলিকতাৰ লেৱৰেটৰীত এই পৰীক্ষাসমূহ কৰিবলগীয়া হয়। ক'ভিডৰ আন ভেৰিয়েণ্টতকৈ ই দ্ৰুতগতিত সংক্ৰমিত হয়। দ্ৰুতগতিত যদিও সংক্ৰমিত হয় কিন্তু এই ভাইৰাছে ক্ষতি বেছি নকৰে।একেই ভেকচিনেই এই ভাইৰাছৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। বহিঃৰাষ্ট্ৰৰ পৰা অহা লোকৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্দেশনা থাকিব। শীঘ্ৰেই এই সন্দৰ্ভতো ৰাজ্য চৰকাৰৰ পৰা SOP প্ৰকাশ কৰা হ'ব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|