সাৱধান হওক! ফেব্ৰুৱাৰীত অসমত ভয়ানকভাৱে বৃদ্ধি পাইছে কোভিড আক্রান্তৰ সংখ্যা

সোমবাৰে এক সংবাদমেলত স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশত বৰ্তমানলৈকে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈছে
সোমবাৰে এক সংবাদমেলত স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশত বৰ্তমানলৈকে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈছে
- News18 Assam
- Last Updated: February 22, 2021, 4:23 PM IST
ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে ১১জন লোক কোৰোণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭ তাৰিখে ২১জন, ১৮ তাৰিখে ১৯জন, ২০ তাৰিখে ১৬জন আৰু ২১ ফেব্ৰুৱাৰী দেওবাৰে ৯ জনকৈ লোক কোৰোণাত আক্ৰান্ত হোৱা খবৰ জানিবলৈ দিলে ৰাজ্য চৰকাৰৰ স্বাস্থ্য সচিবগৰাকীয়ে ৷
সোমবাৰে এক সংবাদমেলত স্বাস্থ্য সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশত বৰ্তমানলৈকে ১ কোটি ৯ লাখ ৯১ হাজাৰ লোক কোৰোণাত আক্ৰান্ত হৈছে ৷ অসমত এই সংখ্যা ২ লাখলৈ বৃদ্ধি হৈছে৷ কোৰোণাৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ আহ্বান – সজাগ–সচেতন হওক আৰু কোভিডৰ সকলো নীতি–নিয়ম মানি চলক৷
সচিবগৰাকীয়ে জনোৱা মতে, প্ৰতিষেধক ল’বলৈ ভয় কৰিবলগীয়া একো নাই, ই আপোনাক সুৰক্ষিতহে কৰিব৷ সেয়ে এই ভেকচিন ল’বলৈ আহ্বান সকলোকে৷ সকলো স্বাস্থ্য বিভাগৰ কাৰ্যালয়ত এই ব্যৱস্থা কৰা হ’ব৷ বৰ্তমান ৰাজ্যৰ ৰে’লৱে এয়াৰপ’ৰ্ট আদিত যাতায়াতৰ সময়ত সকলো টেষ্টৰ প্ৰক্ৰিয়া অব্যাহত আছে।