মুখ্যপৃষ্ঠা »খবৰ »অসম »Corona Curfew In Assam: এই সমূহ জিলাত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন বলবৎ হোৱাৰ সম্ভাৱনা, শনিবাৰে প্ৰকাশ পাব নতুন SOP

Corona Curfew In Assam: এই সমূহ জিলাত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন বলবৎ হোৱাৰ সম্ভাৱনা, শনিবাৰে প্ৰকাশ পাব নতুন SOP

আজি জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্সিঙত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্সিঙত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্সিঙত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
ৰাজ্যত হ্ৰাস পাইছে কোৰোণাৰ মহা সংক্ৰমণ। কোৰোণাৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰে অহা শনিবাৰে নতুন SOP জাৰি কৰাৰ সম্ভাৱনা আছে। শুকুৰবাৰে জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্সিঙত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু পৰিস্থিতি পৰ্যালোচনা কৰি লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত।

ইফালে এতিয়ালৈকে ২২০ টা কোভিড হটস্পট চৰকাৰে চিনাক্ত কৰিছে। গতিকে এইসমূহ হটস্পটক কণ্টেইনমেণ্ট কৰি বাকীসমূহ ঠাই খুলিব পাৰিব নে নাই, তাকলৈ উপায়ুক্তৰে আলোচনা কৰি সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে। সেইদৰে শিথিলতা থকা স্থানত বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰাৰ সম্ভাৱনা আছে।

বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় য়ে,  'গোলাঘাট আৰু বিশ্বনাথৰ কোভিড পৰিস্থিতিক লৈ চিন্তিত ৰাজ্য চৰকাৰ। তাৰ পৰিৱৰ্তে উন্নত হৈছে কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰিৱেশ। যিবিলাক জিলাত পৰিৱেশ উন্নত হৈছে তাত শিথিলতা অনাৰ সম্ভাৱনা আছে।'

শেহতীয়া বাতৰি