ভ্ৰাম্যমাণ জগতকো জুৰুলা কৰিছে Coronaই, সলনি হৈছে জীৱিকাও ! কৃষি কৰ্মত মনোনিৱেশ কৰিছে সংগীত পৰিচালকে...

News18 Assam | News18-Assam
Updated:June 7, 2021, 8:58 AM IST
ভ্ৰাম্যমাণ জগতকো জুৰুলা কৰিছে Coronaই, সলনি হৈছে জীৱিকাও ! কৃষি কৰ্মত মনোনিৱেশ কৰিছে সংগীত পৰিচালকে...
ক’ৰোণা মহামাৰীয়ে আনিছে ভ্ৰাম্যমাণৰ প্ৰতি সংকট ৷ ক’ৰোণাকালত বহুতৰে সলনি হৈ পৰিল জীৱিকা ৷ ভ্ৰাম্যমাণৰ সংগীত পৰিচালক এতিয়া হৈ পৰিল খেতিয়ক ৷ বঙাইগাঁৱৰ মাণিকপুৰৰ যতীন পাঠকে আৰ্থিক সংকটৰ বাবে কৃষিকৰ্মত মনোনিৱেশ কৰিছে ৷ 

ক’ৰোণা মহামাৰীয়ে আনিছে ভ্ৰাম্যমাণৰ প্ৰতি সংকট ৷ ক’ৰোণাকালত বহুতৰে সলনি হৈ পৰিল জীৱিকা ৷ ভ্ৰাম্যমাণৰ সংগীত পৰিচালক এতিয়া হৈ পৰিল খেতিয়ক ৷ বঙাইগাঁৱৰ মাণিকপুৰৰ যতীন পাঠকে আৰ্থিক সংকটৰ বাবে কৃষিকৰ্মত মনোনিৱেশ কৰিছে ৷ 

  • Share this:


ক’ৰোণা মহামাৰীয়ে বহুতৰ জীৱন - জীৱিকাৰ প্ৰতি সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ভ্ৰাম্যমাণৰ সৈতে জৰিত লোকসকলোৰ পানীত হাহ নচৰা অৱস্থা পৰিলক্ষিত হৈছে ৷ ভ্ৰাম্যমাণৰ সংগীত পৰিচালকে এতিয়া কৰ্মসংস্থাপন হেৰুৱাই আৰ্থিক সংকটত ভূগি কৃষি কৰ্মৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে ৷

ক’ৰোণা সৃষ্ট পৰিৱেশৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি নমাই অনা ভাবুকিৰ পিছত সংগীত পৰিচালক যতীন পাঠকৰ জীৱন সংগ্ৰাম  ৷ বিগত দুটা বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ থকাৰ ফলত আন বহুতৰ দৰে যতীন পাঠকেও আৰ্থিক অনাটনৰ সন্মুখীন হ’বলগীয়া হয় ৷ হঠাতে ভ্ৰাম্যমাণৰ জগতলৈ নামি অহা দুৰ্যোগৰ বাবে উপাৰ্জনবিহীন হৈ ঘৰতে বহি থকিবলগীয়া হোৱা যতীন পাঠকে এটা সময়ত পৰিয়াল পোহপাল দিয়া কঠিন হৈ পৰে ৷ উপায়ন্তৰ হৈ যতীন পাঠকে কৃষি কৰ্মত জৰিত হৈ পৰে ৷ সম্প্ৰতি সংগীত শিল্পীজনে খেতি বাতিৰ লগতে ব্ৰয়লাৰ পালন কৰি নিজ পৰিয়ালটো পোহ পাল দিবলৈ সক্ষম হৈছে ৷ উল্লেখ্যযে প্ৰায় ৩৫ বছৰ পূৰ্ৱে মুকুন্দ থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণত পদাৰ্পন কৰিছিল যতীন পাঠকে ৷ একোৰ্ডিয়ান আৰু কি বোৰ্ড বাদক পাঠকে কহিনুৰ , বৃন্দাবন আদি আগশাৰীৰ ভ্ৰাম্যমাণ দলত সংগীত পৰিচালনা কৰি আহিছিল ৷ আনকি মহানন্দ মজুমদাৰ বৰুৱা , খগেন মহন্ত , লোকনাথ গোস্বামীকে ধৰি কেইবাগৰাকী শিল্পীৰ সৈতেও একোৰ্ডিয়ান বজাইছিল যতীন পাঠকে ৷ একেৰাহে ৩৫ টা বছৰ ধৰি ভ্ৰাম্যমাণৰে জৰিত থাকি শেহতীয়াভাৱে নামি অহা দুৰ্যোগৰ পিছত নতুন উদ্যোমৰে কৃষি কৰ্মত মনোনিবেশ কৰা পৰিলক্ষিত হৈছে ৷ যতীন পাঠকে নিজৰ উত্পাদিত শাক পাচলি স্থানীয় বজাৰৰ লগতে গুৱাহাটীলৈও যোগান ধৰিবলৈ সক্ষম হৈছে ৷
Published by: Kokil Sarma
First published: June 7, 2021, 8:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি