কোৰোণাৰ হটস্পটলৈ পৰিণত হৈছে চিআৰপিএফৰ নগাঁৱৰ কাটিমাৰীস্থ ৩৪নং বেটেলিয়ান কেম্প
কোৰোণাৰ হটস্পটলৈ পৰিণত হৈছে চিআৰপিএফৰ নগাঁৱৰ কাটিমাৰীস্থ ৩৪নং বেটেলিয়ান কেম্প
কোৰোণাৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ কাটিমাৰীস্থ CRPFৰ ৩৪নং বেটেলিয়ান শিবিৰ। চিআৰপিএফৰ শিবিৰটোৰ ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰিছে কোৰোণা (Corona)ৰ সংক্ৰমণ। যোৱা দুই-তিনিদিন ধৰি জ্বৰ-কাহত ভূগি আছিল চিআৰপিএফৰ জোৱানকেইজন। ইয়াৰ পিছতে আজি কেম্পটোৰ বহুকেইগৰাকী জোৱানক আৰটিপিচিআৰ পৰীক্ষা (RTPCR Test) কৰা হয়। আৰটিপিচিআৰ টেষ্টত ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰে কোৰোণাৰ সংক্ৰমণ।
ইতিমধ্যে আক্ৰান্ত জোৱান কেইজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমানেও আন বহু জোৱানৰ আৰটিপিচিআৰ টেষ্টৰ ফলাফল আহিবলৈ বাকী। আজিৰ দিনটোত সংক্ৰমিতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|