জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত অনুসূচিত জনজাতিসকলৰ ধৰ্ম-সংস্কৃতি, পৰম্পৰা আৰু অস্তিত্ব ৰক্ষাৰ দাবীত "চলৌ দিশপুৰ" নামেৰে বিশাল জনজাতি গণ সমাবেশৰ আয়োজন কৰিছে ৷
১) মিছা প্ৰলোভনেৰে সহজ-সৰল জনজাতিৰ ধমাৰ্ন্তকৰণ বন্ধ কৰক। ২) ধমাৰ্ন্তৰিত জনজাতীয় লোকৰ নাম STসূচীৰ পৰা কৰ্তন নিশ্চিত কৰক। ৩) ধমাৰ্ন্তৰিত জনজাতীয় লোকে ST প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ৪) ধমাৰ্ন্তৰিত জনজাতীয় লোকে ST প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি কোনো চৰকাৰী পদ/শিক্ষানুষ্ঠানত আসন ল'ব নোৱাৰিব। এইকেইটা দাবীৰে সাজু হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰদেশৰ জনজাতি ধৰ্ম-সংস্কৃতি সুৰক্ষা মঞ্চ৷
অহা ১২ ফেব্ৰুৱাৰীত হ'বলগীয়া এই গণ সমাৱেশৰ বাবে ৰাজ্যৰ সকলো জনজাতীয় লোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে RSSৰ বিবিধ সংগঠনটোৱে৷ "কিয় অসমৰ জনজাতি (ST) সমূহে এই সমাৱেশলৈ পূৰ্ণ সমৰ্থন দিয়াটো অতি আৱশ্যকীয়? সংবিধানৰ অনুচ্ছেদ 2Aৰ 342নং দফা সংশোধন নকৰিলে আমাৰ জনজাতীয় ৰাইজৰ (ST) অস্তিত্ব সোনকালেই নিঃশেষ হ'ব। বিদেশী ধৰ্ম গ্ৰহণ কৰা জনজাতীয় লোকে মূলভূত স্ব-ধৰ্ম সংস্কৃতি ত্যাগ কৰে। লগতে ধৰ্ম পৰিৱৰ্তন নকৰা সহোদৰসকলক বৰ্বৰ, অসভ্য, চয়তানৰ জাত বুলি ককৰ্থনা কৰি সেই সকলকো ধৰ্ম পৰিৱৰ্তন কৰিবলৈ উদগনি যোগায়।
১। অনুচ্ছেদ 2Aৰ দফা 341 মতে যদি অনুসূচিত জাতিৰ (SC) কোনোৱে বিদেশী ধৰ্ম গ্ৰহণ কৰে, তেন্তে তেনে ব্যক্তি অনুসূচিত জাতিৰ তালিকাৰ পৰা আপুনা-আপুনি কৰ্তন হৈ যায় আৰু অনুসূচিত জাতিৰ বাবে থকা সকলো সাংবিধানিক সা-সুবিধাৰ পৰা বঞ্চিত হয়। ২। কিন্তু সেই একে অনুচ্ছেদ 2Aৰ দফা 342 মতে অনুসূচিত জনজাতিৰ (ST) কোনো লোকে বিদেশী ধৰ্ম গ্ৰহণ কৰিলেও পূৰ্বৰ সাংবিধানিক সা-সুবিধা সমূহ ভোগ কৰি থাকে। এয়া আমাৰ সংবিধানৰ এটা বৃহৎ ত্ৰুটি। যিটো অনুসূচিত জাতিৰ (SC) ক্ষেত্রত কৰা হৈছে, সেইটো অনুসূচিত জনজাতিৰ (ST) ক্ষেত্রত কৰা হোৱা নাই। ধৰ্ম সলনি কৰা এনে অনুসূচিত জনজাতীয় লোকে ST আৰু Minority - এই দুয়োটা সুবিধা (double benefits) ভোগ কৰি থাকে। ফলত অনুসূচিত জনজাতিৰ ৰাইজ মিছনেৰীসকলৰ সহজ চিকাৰ হৈ পৰিছে। ধৰ্ম সলনি কৰা এই জনজাতীয় লোকসকলক অনুসূচিত জনজাতিৰ তালিকাৰ (ST Schedule) পৰা নাম কৰ্তন নকৰিলে, জনজাতীয় গোষ্ঠীসমূহৰ অস্তিত্বলৈ অচিৰে সংকট নামি আহিব।"
উল্লেখ্য যে অসমৰ কাৰ্বি আংলং, মাজুলীকে ধৰি বিভিন্ন জিলা অঞ্চলত জনজাতীয় বহু হিন্দু ধৰ্মাৱলম্বী লোকে হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি অহাক লৈ মাত মাতি আহিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।