মুখ্যপৃষ্ঠা »খবৰ »অসম »সুধাকণ্ঠৰ ভাৰতৰত্নক লৈ বিতৰ্ক! বঁটা লৈ ক’ত আছে তেজ হাজৰিকা?

সুধাকণ্ঠৰ ভাৰতৰত্নক লৈ বিতৰ্ক! বঁটা লৈ ক’ত আছে তেজ হাজৰিকা?

আগশাৰীৰ সংবাদ মাধ্যমত সুধাকণ্ঠৰ পুত্ৰ কানাডালৈ উভতি যোৱাক লৈ প্ৰশ্ন

আগশাৰীৰ সংবাদ মাধ্যমত সুধাকণ্ঠৰ পুত্ৰ কানাডালৈ উভতি যোৱাক লৈ প্ৰশ্ন

আগশাৰীৰ সংবাদ মাধ্যমত সুধাকণ্ঠৰ পুত্ৰ কানাডালৈ উভতি যোৱাক লৈ প্ৰশ্ন

  • Share this:
    সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘ভাৰতৰত্ন’ সন্মানক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। অসমৰ এটা আগশাৰীৰ সংবাদ গোষ্ঠীয়ে ভূপেনদাৰ ভাৰতৰত্ন ক’ত আছে তাক লৈ কোনেও একো নাজানে বুলি সংবাদ সম্প্ৰচাৰ কৰিছে। সংবাদ প্ৰতিষ্ঠানটোৰ মতে, সুধাকণ্ঠৰ ভাৰতৰত্ন ক’ত ৰখা হৈছে তাক লৈ স্পষ্ট উত্তৰ কাৰো হাতত নাই।

    সংবাদ মাধ্যমটোৰ মতে, সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা ইতিমধ্যে উভতি গৈছে কানাডালৈ। কিন্তু সুধাকণ্ঠৰ ভাৰতৰত্ন তেজ হাজৰিকাই লগত লৈ গ’ল নে কোনো লোকৰ হাতত ৰাখি গৈছে তাক লৈ নাই কোনো তথ্য।

    ছচিয়েল মিডিয়াতো চেনেলটোৰ সাংবাদিকে উত্থাপন কৰিছে প্ৰশ্ন।

    উল্লেখযোগ্য যে, ৮ আগষ্টত ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছিল দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা এই সৰ্বোচ্চ সন্মান গ্ৰহণ কৰিছিল ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই। ভূপেন হাজৰিকাৰ লগতে ‘ভাৰতৰত্ন’ প্ৰদান কৰা হৈছিল সমাজকৰ্মী নানাজী দেশমুখক (মৰণোত্তৰভাৱে) আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীকো।

    শেহতীয়া বাতৰি