সুধাকন্ঠৰ ড০ ভূপেন হাজৰিকাৰ আজি একাদশ মৃত্যু বাৰ্ষিকী। এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে জালুকবাৰীস্থিত সুধাকন্ঠৰ সমাধিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। মাত্ৰ ৪৫ মিনিটতেই ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰিলে সাংস্কৃতিক সঞ্চালকালয়ে।
উল্লেখযোগ্য যে, এই অনুষ্ঠানত চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নহ’ল। সেৰেঙা উপস্থিতিৰে ভূপেন দাৰ স্মৃতি দিৱস সাংস্কৃতিক সঞ্চালকালয়ে অনুষ্ঠান সামৰাক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। এই বিষয়ে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"চৰকাৰে শিল্পীক সন্মান কৰিব নাজানে৷ এঘাৰটা বছৰতে ভুপেন হাজৰিকাক পাহৰিলে চৰকাৰে৷ আজি মোৰ তৰুণ গগৈলৈ মনত পৰিছে। লাভ থকা কথাতহে চৰকাৰে মনোযোগ দিয়ে৷"
Published by: Sehnaz Begum
FIRST PUBLISHED : November 05, 2022, 18:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।